মানৱ জীৱনত দুটা চৰম সত্য পৰিঘটনা হ’ল জন্ম আৰু মৃত্যু৷ এই দুই প্ৰক্ৰিয়া মানৱ জীৱনত অবশ্যম্ভাৱী৷ কোনেও ইয়াৰ ৰোধ কৰিব নোৱাৰে৷ মানুহৰ মৃত্যুক লৈ নানা ৰহস্য, জল্পনা-কল্পনা যুগ যুগ চলি আহিছে৷ মৃত্যুৰ পাছত জীৱৰ অস্তিত্বক লৈ বহু প্ৰশ্নৰ অৱতাৰণা হয়৷ ইহকাল-পৰকাল, আত্মা-পৰত্মাতা আদি নানা বিশ্বাস চলি আহিছে৷ ইয়াৰ সঠিক উত্তৰ কাৰো হাততে নাই৷ ইয়াৰ লগতে মানুহৰ মৃত্যুৰ আগমুহূৰ্তত চকুৰ আগত কি ভাবি আহে এই লৈ ৰহস্য ঘনীভূত হয়৷ এই সম্পৰ্কে এদল গৱেষকে গৱেষণাৰ দ্বাৰা নিৰ্ণয় কৰিছে কিছু কথা৷ মৃত্যুৰ ঠিক আগে আগে এজন মানুহে কি দেখে বা ভাবে৷ ব্ৰিটিছ কলম্বিয়া এটা গৱেষকৰ দলে এই বিষয়টোক লৈ দীৰ্ঘ গৱেষণা চলাইছিল৷ গৱেষণাত দেখা গৈছিল যে এজন মানুহে মৃত্যুৰ আগমুহূৰ্তত মস্তিষ্কলৈ অতীতৰ সকলো স্মৃতি ঘূৰি আহে৷ ভ্যাংকুভাৰ জেনেৰেল হস্পিটেলত এজন ৰোগীৰ চিকিৎসা চলি থকাৰ এই কথা সময়ত নিশ্চিত হয়৷ ৰোগীজন আছিল মৃগী ৰোগত আক্ৰান্ত৷ ৰোগীজনক চিকিৎসাৰ বাবে ইলেক্টএনছেফালোগ্ৰাফি মানৰ এবিধ যন্ত্ৰ ব্যৱহাৰ কৰা হৈছিল৷ এই যন্ত্ৰবিধত মস্তিষ্কৰ পৰা উৎপন্ন তড়িৎ সংকেত ধৰা পৰে৷ কিন্তু ইলেক্টএনছেফালোগ্ৰাফি যন্ত্ৰ চলাকালীন সময়ত অকস্মাতে হৃদৰোগত আক্ৰান্ত হৈ ৰোগীজনৰ মৃত্যু হয়৷ সেয়ে ৰোগীজনৰ মৃত্যুৰ সময়ত চলা ঘটনাপ্ৰবাহ এই যন্ত্ৰত সংৰক্ষণ হৈ ৰয়৷ চিকিৎসকে জনোৱা মতে এই সময়ত ধৰা পৰা তৰংগ সংকেত স্মৃতিচাৰণ কৰাৰ সময়ত উৎপন্ন হোৱা তৰংগ সংকেতৰ দৰে একে৷ মস্তিষ্কৰ কাম হ’ল মৃত্যুৰ মুহূৰ্তত জীৱনৰ সকলো সুন্দৰ ভাল কামৰ স্মৃতি ঘূৰাই দিয়া৷