পিঁয়াজ, নহৰু খোৱাটো সম্পূৰ্ণ নিষিদ্ধ ভাৰতৰ এখন গাঁও : ক’ত?

0
517


আমাৰ ৰন্ধন প্ৰণালীত অতি আৱশ্যকীয় বস্তুবিধেই হ’ল পিঁয়াজ আৰু নহৰু৷ এই দুবিধ সামগ্ৰী ৰান্ধনীশাল নাথাকিলে ৰন্ধন প্ৰকৰণত খেলিমেলি হয়৷ পিঁয়াজ বা নহৰু নহ’লে খাদ্যৰ সোৱাদেই নাইকিয়াৰ লেখীয়া হয়৷ সেয়ে অতি আৱশ্যক দুুয়োবিধ সামগ্ৰী ভাৰতীয় ৰন্ধন প্ৰণালীত এক সুকীয়া স্থান দখল কৰি আহিছে৷ কিন্তু পিঁয়াজ, নহৰু নোহোৱাকৈ খাদ্য নাইবা দশক দশক ধৰি এই দুবিধ সম্পূৰ্ণ খোৱা নিষিদ্ধ অঞ্চল আমাৰ দেশতে আছে৷ কথাটো শুনাত আচৰিত লাগিলেও একেবাৰে সঁচা৷ ভাতৰত এনেকুৱা এখন গাঁও আছে, য’ত পিঁয়াজ আৰু নহৰু একেবাৰে নিষিদ্ধ৷ এই গাঁওখনৰ বাসিন্দাসকলে পিঁয়াজ বা নহৰুৰ নাম শুনিলেই বুকুৰ কঁপনি উঠে৷ গাঁওখনৰ বাসিন্দাসকলে পিঁয়াজ বা নহৰু দেখিলেই সাতজাঁপ মাৰে৷ এই গাঁওখন বিহাৰৰ জাহানাবাদ জিলাত৷ গাঁওখনত ৩০-৪০ ঘৰ মানুহ আছে৷ জানিব পৰা মতে পূৰ্বৰে পৰা চলি অহা প্ৰথা অৰ্থাৎ অন্ধবিশ্বাসৰ বশৱৰ্তী হৈয়ে ইয়াৰ বাসিন্দাই পিঁয়াজ আৰু নহৰু সম্পূৰ্ণভাৱে বৰ্জন কৰিছে৷ এই আচৰিত গাঁওখন হ’ল জিলা সদৰৰ পৰা ত্ৰিছ কিলোমিটাৰ নিলগত চিৰি পঞ্চায়তৰ অন্তৰ্গত ত্ৰিলোক বিগহা৷ গাঁওখনৰ লোকে এই দুবিধ খাদ্য খাবলৈ ভয় কৰে৷ ইয়াৰ লগতে এই দুবিধ সামগ্ৰী গাঁওখনত প্ৰৱেশ কৰটো বাধা আৰোপ কৰা আছে৷ ইয়াৰ বয়োবৃদ্ধ লোকসকলে প্ৰকাশ কৰা মতে গাঁওখনত থকা ঠাকুৰবাৰী মন্দিৰৰ বাবে কেইবা দশক ধৰি ইয়াত এই দুবিধ সামগ্ৰী বাৰণ কৰা প্ৰক্ৰিয়া চলি আহিছে৷ সেয়েহে এই পৰম্পৰা বংশানুক্ৰমে চলি আহিছে৷ তেওঁলোকে বিশ্বাস কৰে যে এই পৰম্পৰা ভংগ কৰিলে গাঁওখনলৈ ডাঙৰ বিপদ আহিব৷ সেয়ে এই পৰম্পৰা বাদ দিয়াটো অসম্ভৱ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here