সাৱধান ! ধূলিৰ ধুমুহাই কঢ়িয়াই আনিলে বিভিন্ন ৰোগৰ বীজাণু

0
241


ভয়ংকৰ প্ৰদূষণৰ গ্ৰাসত পৰিছে গুৱাহাটী মহানগৰ৷ এতিয়া কেৱল চাৰিওফালে ধূলি কেৱল ধূলি৷ ধূলিৰে ধূসৰিত হৈছে চৌদিশ৷ ধূলিৰ গ্ৰাসত কেউপিনে একো নেদেখা পৰিস্থিতিৰ সৃষ্টি হৈেছ৷ প্ৰদূষিত বায়ুৱে কুঁৱলীসদৃশ এক আৱৰণেৰে ঢাকি ধৰিছে মহানগৰৰ চৌদিশ৷ যাৰ ফলত ঘৰৰ বাহিৰলৈ ওলালেই উশাহ ল’ব নোৱৰাৰ পৰিস্থিতিৰ উদ্ভৱ হৈছে৷ ইফালে দীৰ্ঘদিন বৰষুণ নোহোৱাৰ ফলত অনাবৃষ্টিৰ লগতে বিভিন্ন নিৰ্মাণকাৰ্যৰ চলি থকাৰ বাবে গুৱাহাটী মহানগত এতিয়া ভয়ংকৰ প্ৰদূষণৰ কবলত পৰিছে৷ যোৱা তিনি মাহ মহানগৰত বৰষুণ নোহোৱাৰ ফলত বায়ুত যথেষ্ট পৰিমাণে প্ৰদূষণৰ মাত্ৰা বৃদ্ধি পাইছে৷ যাৰ ফলত বিভিন্ন ৰোগৰ সৃষ্টি হোৱাৰ আশংকা ঘনীভূত হৈছে৷ ৰাজ্যৰ লগতে খোদ গুৱাহাটীত দ্ৰুগগতিত শব্দ প্ৰদূষণ, বায়ু প্ৰদূষণ, পানী প্ৰদূষণ আদি বৃধিদ্ধ পাইছে৷ মহানগৰীত বৃদ্ধি পোৱা প্ৰদূষণক লৈ এতিয়া পৰিৱেশ বিজ্ঞানীসকলেও চিন্তিত হৈ পৰিছে৷ বিশেষকৈ গুৱাহাটী দেশৰ ভিতৰতে এখন প্ৰদূষিত মহানগৰ হিচাপে চিহ্নিত হৈছে৷ তথ্য অনুসৰি গুৱাহাটী মহানগৰত কাৰ্বন ডাই অক্সাইডৰ মাত্ৰা অত্যধিক পৰিমাণে বৃদ্ধি পাইছে৷ মহানগৰৰ বায়ুত দৈনিক কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ ৯-৪২ মিউ থকাৰ গ্ৰাম৩ বিপৰীতে পুৱা আৰু সন্ধিয়া ৫০ মিউ গ্ৰাম৩ৰো অধিক হয়৷ একেদৰে ক্ষুদ্ৰ বিষাক্ত কণিকা পাৰ্টিকুলাৰ মেটাৰ, নাইট্ৰজেন অক্সাইড, ছালফাৰ ডাই অক্সাইডৰ পৰিমাণ ভয়াৱহ গতিত বৃদ্ধি পাইছে৷ এনে অৱস্থাত বিভিন্ন মাৰাত্মক ৰোগৰ সৃষ্টি হ’ব পাৰে৷ আনহাতে নিম্নগামী বায়ুৰ মান স্বাস্থ্যৰ পক্ষে হানিকাৰক বুলি বিশেষজ্ঞসকলে মন্তব্য কৰিছে৷ এনে বায়ু সেৱনৰ ফলত হাঁপানি, ব্ৰংকাইটিছ, এলাৰ্জি, বসন্ত আদি চৰ্মৰোগৰ হোৱাৰ সম্ভাৱনা থাকে৷ বিশেষকৈ শিশু আৰু বয়োজ্যেষ্ঠসকলৰ ক্ষেত্ৰত শ্বাস-প্ৰশ্বাস লোৱা অসুবিধা, হাঁওফাঁও, হূদৰোগ আদি হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰে৷ তথ্য মতে অসমৰ মানুহৰ মৃত্যুৰ প্ৰথম ছটা কাৰকৰ ভিতৰত পুষ্টিহীনতা প্ৰথম আৰু বায়ু প্ৰদূষণ দ্বিতীয় স্থানত আছে৷ বৰ্ধিত বায়ু প্ৰদূষণে মানুহৰ মাজত শ্বাস-প্ৰশ্বাসজনিত ৰোগ, শ্বাসকফ, হাঁপানি আদি ৰোগ বৃদ্ধি কৰাত অৰিহণা যোগায়৷ আই চি এম আৰৰ তথ্য মতে ৰাজ্যত বায়ু প্ৰদূষণৰ বাবে এক লাখ জনসংখ্যাৰ ভিতৰত চাৰি হাজাৰ দুশজন লোক শ্বাসকফত আক্ৰান্ত হয়৷ অনাগত সময়ত মহানগৰত বৰষুণ নিদিয়ে যে বায়ু প্ৰদূষণৰ মাত্ৰা অধিক বৃদ্ধি পাব সেয়া নিশ্চিত৷ তেতিয়া ইয়াৰ বাসিন্দাসকল বিভিন্ন ৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনা আছে৷ সেয়েহে জনসাধাৰণে সতৰ্কতা ব্যৱস্থা লোৱা উচিত, যাতে বায়ু প্ৰদূষণৰ ফলত হোৱা ৰোগৰ চিকাৰ হ’বলগীয়া নহয়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here