অইলৰ চিচমিক পদ্ধতিৰ সহায়ত খাৰুৱা তেলৰ সন্ধান আৰম্ভ : ক’ত?

0
190


বৰপেটা জিলাৰ ভৱানীপুৰৰ পথাৰত অইল ইণ্ডিয়া লিমিটেডৰ খাৰুৱা তেলৰ অনুসন্ধান প্ৰক্ৰিয়া আৰম্ভ হৈছে৷ দুলীয়াজান অইল ইণ্ডিয়া লিমিটেডৰ পৰা কাৰিকৰী বিশেষজ্ঞৰ এটা দলে তেওঁলোকৰ সৈতে অহা বনুৱাৰ এটা দলৰ সহযোগত চিচমিক পদ্ধতিৰ সহায়ত খাৰুৱা তেলৰ প্ৰাথমিক অনুসন্ধান আৰম্ভ কৰে৷ অইলে চলোৱা খাৰুৱা তেলৰ অনুসন্ধানৰ বাবে ভৱানীপুৰৰ ঐতিহাসিক গোপাল আতা সত্ৰৰ ভূমিৰ লগতে লুৱাশুৰ ৰাজহ গাঁৱৰ একাংশ কৃষিভূমিক খাৰুৱা তেল অনুসন্ধানৰ ক্ষেত্ৰ হিচাপে চিহ্নিত কৰিছে৷ ইতিমধ্যে খাৰুৱা তেলৰ অনুসন্ধান চলাবলগীয়া সম্ভাব্য স্থানসমূহ অইলৰ ফালৰ পৰা ৰঙা ৰঙৰ খুঁটাৰে চিহ্নিত কৰিছে৷ উক্ত অঞ্চলত প্ৰায় পাঁচ মাহ খাৰুৱা তেলৰ অনুসন্ধান চলাব বুলি জানিবলৈ দিছে অইলৰ বিষয়াসকলে৷ সূত্ৰটোৰ মতে চিচমিক পদ্ধতিৰে চলোৱা এই তেলৰ অনুসন্ধানত সম্ভাব্য স্থানসমূহ অস্থায়ী দমকল পদ্ধতিৰ সহায়ত ভূগৰ্ভৰ পানী নিষ্কাশন কৰি উক্ত স্থানৰ নিৰ্দিষ্ট গভীৰতাত বোমা স্থাপন কৰা হয়৷ এই বোমাৰ বিস্ফোৰণৰ জৰিয়তে উচ্চ প্ৰাবল্যৰ শব্দ তৰংগৰ সৃষ্টি কৰা হয়৷ আৰু এই সৃষ্টি কৰা উচ্চ প্ৰাবল্যৰ শব্দ তৰংগ কম্পিউটাৰৰ সহায়ত বিভিন্ন পৰ্যায়ত বিশ্লেষণ কৰি উক্ত স্থানৰ ভূগৰ্ভত থকা যিকোনো বস্তুৰ প্ৰকৃতি নিৰূপণ কৰা হয়৷ অইলৰ এই তেলৰ সন্ধানৰ কাম ফলপ্ৰসূ হ’লে নামনি অসমৰ উক্ত অঞ্চলটোৰ আৰ্থ সামাজিক উন্নয়ন হোৱাৰ লগতে দেশৰ সমৃদ্ধিত অভূতপূৰ্ব অৰিহণা যোগাৱাৰ থল নিশ্চয় আছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here