মনৰ পৰা এইবোৰ ভাবনা দূৰকৰিলে নিজেই নিজৰ অনুপ্ৰেৰণা হ’ব

0
802

এজন সুস্থ-সবল মানবৰ হিচাপে জীৱন নিৰ্বাহ কৰিবলৈ শাৰীৰিক সুস্থতাৰ লগতে প্ৰয়োজন মানসিক দৃঢ়তাও৷ মানৱ জীৱনত কিন্তু সকলো সময়তে একে পৰিৱেশ অথবা পৰিস্থিতি নাথাকে৷ কেতিয়াবা কোনো কোনো বিষয় লৈ মন বেয়া লগা বা ভাল লগাটো একো অস্বাভাৱিক নহয়৷ আনহাতে এই ক্ষেত্ৰত আন কিছুৱে বহু বেছি মাত্ৰাত সংবেদনশীল৷ আৰু তেনে ক্ষেত্ৰত সমস্যাই তেওঁলোকক অনৱৰতে আগুৰি ধৰে৷ বিশেষজ্ঞৰ মতে এইধৰণৰ সমস্যা কম-বেছি সকলোৰে থাকে৷ তাৰ বাবে অনৱৰতে মন বেয়া কৰা, চিন্তাত নিমগ্ন হোৱা, কথাবোৰ ভাবি উৱাদিহ নোপোৱা, নিঃসংগতাবোধ কৰা আদিৰ কোনো অৰ্থ নাই৷ এইধৰণৰ অসুবিধা হ’লে একেবাৰে আপোন তথা নিজৰ মানুহৰ লগত মনৰ ভিতৰত খু-দুৱাই থকা কথাবোৰ মুকলিমূৰীয়াকৈ আলোচনা কৰিব লাগে৷ তাতো যদি কথাবোৰ ক’বলৈ ইতঃস্তত বোধ কৰা যায়, তেন্তে এজন মনোৰোগ বিশেষজ্ঞৰ কাষ চপাটো নিতান্তই প্ৰয়োজন৷ মনোবিদৰ সহায়ৰ অবিহনেও নিজৰ মনৰ এই সমস্যা তথা বিষয়বোৰৰ নিজেৰ মাজতেই সমাধানৰ পথ উলিয়াব পাৰে৷ নিম্ম উল্লেখিত কথাবোৰ নিজৰ মাজতে জুকিয়াই চালে আপুনি ভবা বৃহৎ সমস্যাবোৰৰ সমাধান নিজৰ মাজতে বিচাৰি পাব৷ মানুহ মাতেৰেই ভুল হোৱাটো স্বাভাৱিক৷ ভুল কৰাটো একো অযোগ্য অপৰাধ নহয়৷ এই দিশত গুৰুত্বপূৰ্ণ বিষয়টো হ’ল এই ভুলৰ পৰা শিক্ষা লোৱাটো৷ প্ৰতিটো কামৰ বিপৰীতে ইয়াৰ প্ৰতিক্ৰিয়া থাকিবই৷ সেয়ে ভুলৰ শুধৰণি কৰি তাৰ সংশোধন কৰাটো প্ৰধান কাম৷ লগতে আপুনি কৰা ভুলৰ ওলোটা কিমান প্ৰতিক্ৰিয়া হৈছে, সেই বিষয়ে মন দিয়া আৱশ্যক৷
জীৱনত হৰা-জিকাৰ খেল এখন থাকে৷ অথবা পাই নোপোৱাৰ বেদনাও বৰ গধুৰ, সহিব নোৱৰা বিধৰ৷ মনত ৰাখিব জীৱনত হাৰিবলৈ শিকাটো খুব গুৰুত্বপূৰ্ণ৷ জীৱনত হাৰিলেহে আপুনি জীৱন যুদ্ধত জিকাৰ পথ বিচাৰি পাব৷ সেই মানসিকতাৰ পাৰ মুক্ত হৈ অহাটো জৰুৰী৷ সেয়ে যিয়ে এই পৰিস্থিতিৰ মাজৰ পৰা পাৰ হৈ গৈছে, তেওঁলোকৰ কাৰণে জীৱন হিচাপে যাপন কৰাটো সহজ হৈ পৰে৷ তেনে লোকে সহজে একো কামতে সেও নামানে, সংগ্ৰাম কৰি জীৱননিৰ্বাহ কৰটো যুদ্ধ জয়ী হোৱাৰ লেখীয়া৷
জীৱনত কেতিয়াবা এনে সময় বা পৰিস্থিতি আহে, এনে লাগে যেন আপোনাৰ লগত কোনো নাই৷ আপোনাৰ কথা শুনিবলৈ, জানিবলৈ কোনেও চেষ্টা কৰা নাই৷ যি সময়ত মনত এক ভাবনাৰ উদয় হয় তেতিয়া এই সমস্যাই ক্ৰমে আগুৰিহে ধৰে৷ তেনে সময়ত আপুনি মনক সংযম কৰক৷ নিজে ভাবক যে আপুনি একক আৰু অনন্য৷ আপোনাৰ সকলো আছে৷ তেনে দুশ্চিন্তা আহিলেই ততালিকে মনৰ পৰা উলিয়াই আন কামত ব্যস্ত হওক৷
যিকোনো পৰিসৰত কথা ক’বলৈ গ’লে সকলোৱে আপোনাৰ কথা নুশুনিবও পাৰে৷ আনহাতে কোনোৱে আপোনাৰ উপস্থিতিৰ উমান পাই কথা কোৱা বন্ধ কৰি দিছে৷ এইধৰণৰ পৰিৱেশত আপুনি আনে আপোনাক লৈ কি কৈছে, সেইটোত মন নিদিয়াই ভাল৷ যদি আপোনাৰ বিপৰীত কিছু ভাবিলেও, সেই লৈ মন বেয়া নকৰিব৷ তেনে লাগবান্ধ কথা ভাবি নিঃসংগংতাৰ চিকাৰ নহ’ব৷
নিজক সহায় আনন্দ-স্ফূৰ্তি
 ৰাখক৷ আনক সহায় কৰাৰ এটা মন লৈ সময়-সুবিধা অনুযায়ী সহায় কৰিবলৈ নাপাহৰিব৷ কিয়নো আনক সহায় কৰিলে ভগৱানেও আপোনাৰ ওচৰত সদয় হয়৷ কেতিয়াও পৰচৰ্চা, আনক নিন্দা নকৰিব৷ আনক প্ৰতি সহানুভূতিশীল হ’বলৈ যত্নপৰ হ’ব৷ মনত কেতিয়াও বেয়া ভাব নাৰাখিব৷ সহিষ্ণু হ’বলৈ চেষ্টা কৰক৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here