গাজৰ এবিধ পুষ্টিদায়ক খাদ্য৷ ইয়াক কেঁচাই চাটনি কৰি খোৱাৰ উপৰি তৰকাৰী, ভাজি আদি বনাই খোৱা হয়৷ গাজৰৰ পৰা প্ৰস্তুত কৰা হালোৱা এবিধ সুমিষ্ট খাদ্য৷ বিশেষকৈ গাজৰৰ ৰস অতি পুষ্টিকৰ আৰু ই ৰোগ তথা বয়স নিৰ্বিশেষে খোৱাৰ উপযোগী৷ গাজৰ হৈছে এবিধ শীতকালত হোৱা শাকজাতীয় উদ্ভিদ৷ গাজৰক ইংৰাজীত Carrot নামেৰে জনা যায়৷ ইয়াৰ বৈজ্ঞানিক নাম ডেউকাছ কেৰ’টা [Daucus carota]৷ গাজৰ এবিধ একবৰ্ষী উদ্ভিদ৷ গাজৰৰ গুৰি অংশত পটাচিয়ামৰ পৰিমাণ বেছিকে থাকে বাবে এই অংশৰ ৰং সাধাৰণতে গাঢ় বেঙুনীয়াৰ দৰে হয়৷ ইয়াৰ কাৰণে অহীয়া গোন্ধ পোৱা যায়৷ গাজৰৰ উপকাৰিতা কি জানো আহক–
গাজৰৰ ভিটামিন-ট্ট পৰ্যাপ্ত পৰিমাণে থাকে বাবে দৃষ্টিশক্তি বৃদ্ধিত সহায় কৰে৷
শৌচ-প্ৰস্ৰাৱ খোলোচা কৰাত গাজৰে মুখ্য ভূমিকা গ্ৰহণ কৰে৷
ফিষ্টুলা আৰু গ্ৰহণী ৰোগৰ ক্ষেত্ৰতো গাজৰ খোৱাটো জৰুৰী৷ এই ৰোগবোৰত ই ফলদায়ক কাম কৰে৷
গাজৰ কম কেল’ৰিযুক্তৰ হোৱাৰ লগতে ই টক’কিনিক নামৰ এবিধ ইনছুলিন উৎপাদন কৰা হৰম’ন সৃষ্টি কৰে বাবে ডায়েবেটিছ ৰোগীৰ বাবে উপযুক্ত খাদ্য৷
মহিলাৰ ৰক্তস্ৰাৱৰ সমস্যা দূৰ কৰাত গাজৰ খালে উপশম পোৱা যায়৷
গাজৰত কেঞ্চাৰ প্ৰতিৰোধী কেৰ’টিন আৰু ভিটামিন-ড্ৰ যথেষ্ট পৰিমাণে থাকে৷
হিষ্টিৰিয়াত ভোগা শিশুক গাজৰৰ ৰস খুৱালে আৰোগ্য লাভ কৰে৷
গাজৰৰ ৰস খুৱাই লিউকেমিয়াত গ্ৰাসত পৰা শিশুক বচাব পৰা যায়৷
গাজৰ এবিধ অতি পুষ্টিকৰ খাদ্য হেতুকে ইয়াৰ শিশুৰ পৰা বৃদ্ধলৈকে সকলোৱে অনায়াসে খাব পাৰে৷
পেটৰ বিষ, শাও বা তেজ পৰা পায়খানা হ’লে গাজৰ উপকাৰী৷ এনে এবিধ ঔষধি গুণেৰে পৰিপূৰ্ণ গাজৰ আমাৰ খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰি শৰীৰৰ সুস্থ আৰু নিৰোগী কৰি ৰখাত গুৰুত্ব দিয়াটো উচিত৷