মহানগৰত বিপজ্জনকভাৱেকৰিছে ভাৰাঘৰৰ ব্যৱসায়

0
472

গুৱাহাটী মহানগৰত জনসংখ্যা অধিক বৃদ্ধি পোৱাৰ বিপৰীতে জধে-মধে নিৰ্মাণ কৰা হৈছে ভাৰাঘৰ৷ পৌৰ নিগমৰ অনুমতি নোলোৱাকৈয়ে একাংশই একমাত্ৰ ব্যাৱসায়িক স্বাৰ্থত নিৰ্মাণ কৰিছে অট্টালিকা আৰু ভাৰাঘৰ৷ ভাৰাঘৰ এতিয়া একপ্ৰকাৰ লাভজনক ব্যৱসায় হৈ পৰাৰ বাবেই একাংশৰ মাজত ভাৰাঘৰ নিৰ্মাণ কৰি ঘৰ ভাৰা দিয়া প্ৰতিযোগিতাৰ সৃষ্টি হৈছে৷ কিন্তু ভাৰাঘৰত থাকিবলগীয়া সুবিধা তথা প্ৰয়োজনীয় সুৰক্ষাৰ ব্যৱস্থা ঘৰৰ মালিকে নাৰাখে৷ মহানগৰৰ অধিকাংশ ঠাইতেই এতিয়া কম ঠাইতেই একাধিক জুপুৰি সাজি দি একাংশই ঘৰ ভাৰা দি আছে৷ কিন্তু আবদ্ধ ঠাইত অধিক ভাৰাঘৰ সজা কাৰ্য অধিক বিপজ্জনক৷  আনহাতে, বিভিন্ন ঠাইত অবৈধভাৱে ঘৰ নিৰ্মাণ কৰাৰ ফলতো পূৰ্বতকৈ অধিক ঠেক হৈ পৰিছে পথ-উপপথসমূহ৷
মহানগৰত এতিয়া একাংশ ভাৰাঘৰৰ মালিকে জধে-মধে ঘৰ ভাৰা দিয়াৰ ফলতেই মহানগৰত বিভিন্ন সময়ত দুৰ্ঘটনা সংঘটিত হৈ আহিছে৷ আনহাতে, মহানগৰৰ অধিকাংশ পথ ঠেক হোৱা বাবে অগ্নিকাণ্ড সংঘটিত হ’লে সেইবোৰ পথ-উপপথত সোমাব নোৱাৰে অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী৷ সেইবাবেই মহানগৰত হোৱা অগ্নিকাণ্ডৰ ঘটনাৰ সময়ত অগ্নি নিৰ্বাপণ কৰাৰ ক্ষেত্ৰত অগ্নিনিৰ্বাপক বাহিনী যথেষ্ট বিপদৰ সন্মুখীন হ’বলগীয়া হয়৷ প্ৰণিধানযোগ্যভাৱে বহু বছৰৰ আগতেই হিমন্ত বিশ্ব শৰ্মাই মহানগৰত বিপজ্জনকভাৱে বহুতো ঘৰ আছে বুলি নিজেই সদৰী কৰিছিল৷ জনবসতিপূৰ্ণ এলেকাত যাতে আৰু অধিক দুৰ্ঘটনা হ’ব নোৱাৰে, তাৰ প্ৰতি লক্ষ্য ৰাখি অগ্নি আৰু আপদকালীন বিভাগক সকলো অঞ্চল পৰিদৰ্শন কৰি সুৰক্ষাৰ ব্যৱস্থা গ্ৰহণৰ বাবেও নিৰ্দেশ দিছিল৷ কিন্তু কাৰ্যতঃ সকলো অসাৰ হ’ল৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here