গুৱাহাটীৰ ৭৮ শতাংশই পোৱা নাই খোৱাপানী : এয়া কাৰ দাবী!

0
462


গুৱাহাটীবাসীৰ খোৱাপানী সমস্যাৰ সমাধানৰ দাবীত আপ, অসমে আৰম্ভ কৰা ‘পানী আন্দোলন’ৰ জৰিয়তে ৰাইজৰ পৰা সংগ্ৰহ কৰা মতামতৰ ভিত্তিত প্ৰস্তুত কৰা কিছু তথ্য ৰাজহুৱা কৰে৷ আপ অসমৰ ৰাজ্যিক যুটীয়া সমন্বয়ক জিতুল ডেকাই কয় যে যোৱা এক নৱেম্বৰৰ পৰা আপৰ গুৱাহাটীৰ সদস্যসকলে জনমত গঠনৰ বাবে ৱাৰ্ডে ৱাৰ্ডে মানুহৰ ওচৰলৈ গৈ ৰাইজে ভুগি থকা সমস্যাসমূহৰ সন্দৰ্ভত মতামত গ্ৰহণ কৰি যোৱা এমাহত আপৰ সদস্যসকলে প্ৰত্যক্ষভাৱে আৰু অনলাইনযোগে মুঠ ৬৫,১৬৪ লোকৰ মতামত সংগ্ৰহ কৰে৷ ৬৫,১৬৪ গৰাকীৰ ৭৮ শতাংশ অৰ্থাৎ ৫০,৮২৮গৰাকী মহানগৰৰ বাসিন্দাই খোৱাপানীৰ সমস্যাত ভোগাৰ কথা প্ৰকাশ কৰে৷ খোৱাপানীৰ লগতে বাট-পথ, ষ্ট্ৰীট লাইটৰ ব্যৱস্থা, কৃত্ৰিম বানপানীৰ সমস্যা ৱাৰ্ডত হস্পিটেলৰ ব্যৱস্থা আদি বিষয়ৰ ওপৰতো মন্তব্য আগবঢ়ায়৷ আপৰ সদস্যসকলে সংগ্ৰহ কৰা তথ্য অনুসৰি গুৱাহাটীৰ ২, ৬, ১১, ২৫, ২৮, ২৯, ৩৭, ৪৩, ৫৮নং ৱাৰ্ডৰ অধীনৰ বাপুজী নগৰ, শালবাৰী, নিজৰাপাৰ, জয়ন্ত নগৰ, জ্যোতিনগৰ, এফ চি আই গণেশ মন্দিৰ পথ, ধীৰেনপাৰা, হাতীগাঁও, নটবমা আদি বিভিন্ন অঞ্চলৰ বাসিন্দাই অধিক খোৱাপানীৰ সমস্যাত ভুগি আছে৷ সংবাদমেলত জিতুল ডেকাই কয় যে বিভাগীয় মন্ত্ৰী অশোক সিংঘালে সংবাদ মাধ্যমৰ আগত পানী যোগান দিয়া বুলি মন্তব্য আগবঢ়াই নিজকে দক্ষ দেখুৱাব বিচাৰিছে৷ কিন্তু গুৱাহাটীৰ পানী যোগান আঁচনিৰ এটাও সম্পূৰ্ণ কৰিব নোৱৰাটো তেওঁৰ বিফলতা৷ দিল্লী পৌৰ নিৰ্বাচনৰ প্ৰচাৰত গুৱাহাটীৰ উন্নয়নৰ কথা কোৱা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰথমে গুৱাহাটীবাসীক খোৱাপানী সমস্যাৰ সমাধান কৰি দেখুৱাবলৈ আহ্বান জনায়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here