মাছমৰীয়াই ধৰিলে অভিলেখ সৃষ্টিকাৰী গ’ল্ডফিছ : ক’ত ?

0
148

এজন ব্ৰিটিছ
 মাছমৰীয়াই বিশ্বৰ অন্যতম বৃহত্তম গ’ল্ডফিছ ধৰি হতবাক হৈ পৰিছে৷ কৰট নামেৰেও মতা এই বিশালকায় প্ৰজাতিৰ মাছটোৰ ওজন ৩০.৫ কিল’গ্ৰাম৷ ২০১৯ চনত আমেৰিকাৰ মিনেছ’টাত জেছন ফুগে’টে ধৰা ১৬.৯ কিল’গ্ৰাম ওজনৰ গ’ল্ডফিছটোকে এতিয়ালৈকে বিশ্বৰ আটাইতকৈ বৃহত্তম গ’ল্ডফিছ বুলি বিবেচনা কৰা হৈছিল৷ উক্ত গ’ল্ডফিছতকৈ এইটোৰ ওজন ১৩.৬ কিল’গ্ৰাম বেছি৷ এণ্ডি হেকেট নামৰ ৪২ বছৰীয়া ব্ৰিটিছ মাছমৰীয়াজনে আকৌ এই মাছটো ধৰিছিল ফ্ৰান্সৰ চেম্পেইনৰ ব্লুৱাটাৰ হ্ৰদত৷ এই হ্ৰদ হৈছে কাপৰ্ মাছৰ বিশ্বৰ অন্যতম প্ৰধান ফিচাৰী৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here