চিলিণ্ডাৰত সংলগ্ন কিউ আৰ ক’ড ক’লা বজাৰ ৰোধৰ চেষ্টা

0
149


ৰন্ধন গেছ বা এল পি জি ক’লা বজাৰে সৰ্বসাধাৰণ ৰাইজৰ বাৰুকৈয়ে জলা-কলা খুৱায়৷ বিভিন্ন চেষ্টা কৰিও এই কৰাল গ্ৰাসৰ পৰা জনতাই সঠিক বাট বিচাৰি নাপায়৷ এইবাৰ ৰন্ধন গেছৰ ক’লা বজাৰ ৰোধৰ বাবে কেন্দ্ৰীয় চৰকাৰে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে৷ কেন্দ্ৰীয় চৰকাৰে এইবাৰ ৰন্ধন গেছৰ চিলিণ্ডাৰত কইক ৰেছপন চমুকৈ কিউ আৰ ক’ড সংলগ্ন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ এই আৰ কিউ চিলিণ্ডাৰত সংযোগ কৰাৰ ফলত ৰন্ধন গেছৰ চুৰি বা ৰন্ধন গেছৰ ক’লা বজাৰ ৰোধ কৰিবলৈ সক্ষম হ’বৰ বাবে এই পাইলট প্ৰজেক্ট আৰম্ভ কৰিছে৷ কেন্দ্ৰীয় চৰকাৰৰ পেট্ৰলিয়াম মন্ত্ৰ্যালয়ে গ্ৰহণ কৰা এই পদক্ষেপৰ ফলত গ্ৰাহক ৰাইজে বহুখিনি সকাহ পাব বুলি ধাৰণা কৰা হৈছে৷ অহা তিনি মাহৰ ভিতৰত সকলো চিলিণ্ডাৰতে কিউ আৰ ক’ড সংলগ্ন কৰাৰ কাৰ্যব্যৱস্থা হাতত লৈছে৷ কেন্দ্ৰীয় চৰকাৰৰ পেট্ৰলিয়াম বিভাগৰ মন্ত্ৰী হৰদীপ সিং পুৰীয়ে জনোৱা মতে যিবোৰ চিলিণ্ডাৰ বৰ্তমান বজাৰত আছে, সেইবোৰ চিলিণ্ডাৰত পৰ্যায়ক্ৰমে কিউ আৰ ক’ড লগোৱাৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব৷ এই ব্যৱস্থা সম্পূৰ্ণ হ’লে ঘৰুৱা চিলিণ্ডাৰৰ ব্যৱহাৰ বাণিজ্যিক উদ্দেশ্যত ব্যৱহাৰ কৰিব নোৱাৰিব৷ আনহাতে চিলিণ্ডাৰৰ ৰিলিফিং কৰাৰ দিন, বিতৰকৰ নাম, কেতিয়াৰ পৰা ব্যৱহাৰ কৰা হৈছে আদি সকলো তথ্য সহজে জানিব পৰা যাব৷ চিলিণ্ডাৰ থকা কিউ আৰ ক’ডত স্কেন কৰিলেই সকলো তথ্য ওলাই পৰিব৷ এই ব্যৱস্থাই গ্ৰাহক ৰাইজৰ কিছু হ’লেও সকাহ দিব বুলি ধাৰণা কৰা হৈছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here