কেৰালাত দুগৰাকী মহিলাক নৰবলি দিয়াৰ গোচৰৰ তদন্ত কৰি থকা আৰক্ষীয়ে কয় যে গ্ৰেপ্তাৰ কৰা তিনিজন অভিযুক্তই তেওঁলোকৰ এগৰাকী ভুক্তভোগীৰ মাংস ভক্ষণ কৰিছিল৷ যোৱা জুন আৰু ছেপ্টেম্বৰত সন্ধানহীন হোৱা ৰ’জলিন আৰু পদ্মা নামৰ মহিলা দুগৰাকীক তন্ত্ৰ-মন্ত্ৰ কৰি নৰবলি দিয়াৰ বাবে কালি আৰক্ষীয়ে ভগৱন্ত সিং আৰু তেওঁৰ পত্নী লাইলা আৰু ৰশ্বীদ ওৰফে মহম্মদ শ্বাফিক গ্ৰেপ্তাৰ কৰিছিল৷ সিং এজন মাছাজ থেৰাপিষ্ট আৰু ৰশ্বীদ এখন ৰেস্তোৰাঁৰ গৰাকী৷ কোচি মহানগৰৰ আৰক্ষীৰ আয়ুক্ত চি এইচ নাগৰাজুৱে কয় যে তেওঁলোকে ভুক্তভোগী ৰ’জলিনৰ মঙহ খাইছিল৷ এইটো খবৰহে, আমাৰ হাতত প্ৰমাণ নাই৷ গোচৰটো অনুসন্ধান কৰি থকা হৈছে আৰু ফৰেনছিক পৰীক্ষা চলি আছে৷ উল্লেখ্য যে কেৰালাৰ এৰ্নাকুলাম জিলাৰ ভিন্ন প্ৰান্তৰৰ মহিলা দুগৰাকীক অপহৰণ কৰি নি নৃশংসভাৱে হত্যা কৰা হৈছিল আৰু তেওঁলোকৰ দেহ দুটা টুকুৰা টুকুৰকৈ কাটি পাথানামথিতা জিলাৰ তিৰুৱল্ল নগৰৰ দুঠাইত পুতি থোৱা হৈছিল৷ হত্যাকাৰী দম্পতীয়ে বিশ্বাস কৰিছিল যে নৰবলিয়ে তেওঁলোকৰ জীৱন সমৃদ্ধিশালী কৰিব৷ তেওঁলোকক সেই দুষ্কাৰ্যত সহায় কৰিছিল ৰশ্বীদে৷ আৰক্ষীৰ আয়ুক্ত নাগৰাজুৱে কয় যে অভিযুক্তকেইজন ‘পাৰভাৰ্ট আৰু ছাইক’পেথ’৷ অপৰাধটোৰ প্ৰধান উদ্দেশ্য আছিল যৌন সম্ভোগ আৰু তন্ত্ৰ-মন্ত্ৰ৷ উল্লেখ্য যে নৰবলি দিয়া মহিলা দুগৰাকীয়ে লটাৰীৰ টিকট বিক্ৰী কৰি জীৱন নিৰ্বাহ কৰিছিল৷