অসম-নগালেণ্ড সীমান্তত অধিক হাৰত এইড্‌ছ আক্ৰান্তৰ সংখ্যা বৃদ্ধি

0
237
পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ অসম-নগালেণ্ড সীমান্তৰ লগতে ইয়াৰ আশে-পাশে থকা ঠাইসমূহত অধিক হাৰত এইড্‌ছ আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱা ঘটনাই এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে সচেতন মহলৰ মাজত৷ খবৰ অনুসৰি অসম-নগালেণ্ড সীমান্তৰ লাহৰিজান, খটখটী, পুৰণা লাহৰিজানৰ লগতে বিশেষকৈ বোকাজানতো আছে এইড্‌ছ আক্ৰান্ত লোক৷ লক্ষণীয় কথাটো হৈছে যে ইয়াৰে অধিক সংখ্যক এইড্‌ছ আক্ৰান্তই প্ৰায় ১৭-১৮ বছৰ বয়সৰ যুৱক-যুৱতী৷ বিভিন্ন লোকৰ সমাৱেশ তথা বাসভূমি হৈ পৰা পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ বিশেষকৈ বোকাজানত প্ৰতিনিয়ত বৃদ্ধি পাইছে এইড্‌ছৰ দৰে দুৰাৰোগ্য ব্যাধি৷ এই এইচ আই ভিৰ বীজাণু কঢ়িয়াই আনিছে বাহিৰৰ বিভিন্ন স্থানৰ পৰা অহা ট্ৰাকচালক, গণিকা বৃত্তিত জড়িত থকা মহিলা-যুৱতীৰ উপৰি বিভিন্ন ব্যক্তিয়ে৷ তদুপৰি সীমান্ত অঞ্চলসমূহত ক্ৰমাৎ বৃদ্ধি পোৱা নাৰী দেহ ব্যৱসায়ৰ বাবে বিভিন্ন স্থানৰ পৰা আহি স্থায়ীভাৱে বসবাস কৰিবলৈ লোৱা গণিকাসকলে এই এইচ আই ভি বীজাণু বিয়পোৱাত অগ্ৰণী ভূমিকা গ্ৰহণ কৰি আহিছে৷ এইচ আই ভি আক্ৰান্ত মহিলা-যুৱতীৰ দ্বাৰা শাৰীৰিক সম্পৰ্ক স্থাপন কৰাৰ পৰিণতিত এই মাৰাত্মক ব্যাধি ক্ৰমাৎ বিয়পি পৰিছে সমাজৰ আন আন লোকলৈও৷ 
ইপিনে পাহাৰীয়া জিলাখনত এইড্‌ছ আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাৰ তথ্য কাৰ্বি আংলং জিলাৰ এইচ আই ভি প্ৰিভেনশ্যন এণ্ড ছ’চিয়েল ইম্‌প্লিমেণ্ট ফৰ নিউ জেনেৰেশ্যন নামৰ এটা বেচৰকাৰী সংস্থাই চলোৱা সমীক্ষাত এই কথা পোহৰলৈ আহিছে৷ বেচৰকাৰী সংস্থাটোৱে ফটাশিল মেনপাৰা ইক’নমিক ডেভেলপমেণ্ট ছ’চাইটিৰ সহযোগত পাহাৰীয়া জিলাখনৰ বিভিন্ন উৎসৰ পৰা চলোৱা এই সমীক্ষাত বোকাজান সংমণ্ডলৰ অধীনত এইড্‌ছ আক্ৰান্ত লোকৰ সংখ্যা এনেধৰণৰ– ২০০৮ চনত পাঁচজন, ২০০৯ চনত ১৯জন, ২০১০ চনত ২২জন, ২০১১ চনত ২৫জন, ২০১২ চনত ১৪জন, ২০১৩ চনত ৬জন, ২০১৪ চনত ১১জনসহ মুঠ ১০২জন আৰু ডিফু মহকুমাৰ অধীনত ২০০৭ চনত ৰজন, ২০০৮ চনত ১৮জন, ২০০৯ চনত ২৮জন, ২০১০ চনৰ ৩১ মাৰ্চলৈকে ৩জনসহ মুঠ ৫০জন আক্ৰান্ত হৈ আছে৷ বে-চৰকাৰী সংস্থাটোৰ এই সমীক্ষাত পাহাৰীয়া জিলাখনৰ দুটা মহকুমাত সৰ্বমুঠ ১৫২জন এইড্‌ছ আক্ৰান্ত ৰোগীৰ কথা পোহৰলৈ আহিছিল৷  এইড্‌ছৰ দৰে মাৰাত্মক ব্যাধিয়ে এনে তীব্ৰ ৰূপ ধাৰণ কৰাত পাহাৰীয়া জিলাখনলৈ যে ভৱিষ্যতে এক ভয়াৱহ অশনি সংকেত নামি আহিছে সেয়া প্ৰায় নিশ্চিত হৈ উঠিছে৷ সময় থাকোঁতে এনে ৰোগ প্ৰতিৰোধৰ ক্ষেত্ৰত উচিত পদক্ষেপ গ্ৰহণ কৰিবলৈ প্ৰতিজন লোকেই পদক্ষেপ গ্ৰহণ কৰা উচিত৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here