Home Daily news অন্ধবিশ্বাস নে মানৱতাৰ স্খলন ! তিনি অভিযুক্তৰ নৰমাংস ভক্ষণ : ক’ত ?

অন্ধবিশ্বাস নে মানৱতাৰ স্খলন ! তিনি অভিযুক্তৰ নৰমাংস ভক্ষণ : ক’ত ?

কেৰালাত দুগৰাকী মহিলাক নৰবলি দিয়াৰ গোচৰৰ তদন্ত কৰি থকা আৰক্ষীয়ে কয় যে গ্ৰেপ্তাৰ কৰা তিনিজন অভিযুক্তই তেওঁলোকৰ এগৰাকী ভুক্তভোগীৰ মাংস ভক্ষণ কৰিছিল৷ যোৱা জুন আৰু ছেপ্টেম্বৰত সন্ধানহীন হোৱা ৰ’জলিন আৰু পদ্মা নামৰ মহিলা দুগৰাকীক তন্ত্ৰ-মন্ত্ৰ কৰি নৰবলি দিয়াৰ বাবে কালি আৰক্ষীয়ে ভগৱন্ত সিং আৰু তেওঁৰ পত্নী লাইলা আৰু ৰশ্বীদ ওৰফে মহম্মদ শ্বাফিক গ্ৰেপ্তাৰ কৰিছিল৷ সিং এজন মাছাজ থেৰাপিষ্ট আৰু ৰশ্বীদ এখন ৰেস্তোৰাঁৰ গৰাকী৷  কোচি মহানগৰৰ আৰক্ষীৰ আয়ুক্ত চি এইচ নাগৰাজুৱে কয় যে তেওঁলোকে ভুক্তভোগী ৰ’জলিনৰ মঙহ খাইছিল৷ এইটো খবৰহে, আমাৰ হাতত প্ৰমাণ নাই৷ গোচৰটো অনুসন্ধান কৰি থকা হৈছে আৰু ফৰেনছিক পৰীক্ষা চলি আছে৷ উল্লেখ্য যে কেৰালাৰ এৰ্নাকুলাম জিলাৰ ভিন্ন প্ৰান্তৰৰ মহিলা দুগৰাকীক অপহৰণ কৰি নি নৃশংসভাৱে হত্যা কৰা হৈছিল আৰু তেওঁলোকৰ দেহ দুটা টুকুৰা টুকুৰকৈ কাটি পাথানামথিতা জিলাৰ তিৰুৱল্ল নগৰৰ দুঠাইত পুতি থোৱা হৈছিল৷ হত্যাকাৰী দম্পতীয়ে বিশ্বাস কৰিছিল যে নৰবলিয়ে তেওঁলোকৰ জীৱন সমৃদ্ধিশালী কৰিব৷ তেওঁলোকক সেই দুষ্কাৰ্যত সহায় কৰিছিল ৰশ্বীদে৷ আৰক্ষীৰ আয়ুক্ত নাগৰাজুৱে কয় যে অভিযুক্তকেইজন ‘পাৰভাৰ্ট আৰু ছাইক’পেথ’৷ অপৰাধটোৰ প্ৰধান উদ্দেশ্য আছিল যৌন সম্ভোগ আৰু তন্ত্ৰ-মন্ত্ৰ৷ উল্লেখ্য যে নৰবলি দিয়া মহিলা দুগৰাকীয়ে লটাৰীৰ টিকট বিক্ৰী কৰি জীৱন নিৰ্বাহ কৰিছিল৷

Most Popular

চাহৰ সৈতে বিস্কুট কিমান স্বাস্থ্যকৰ ?

পুৱা শুই উঠিয়েই দাঁত ব্ৰাছ কৰি আমি সকলোৱে চাহকাপত চুমুক দিওঁ৷ পুৱা ব্ৰেকফাষ্টৰ সৈতে চাহকাপ সেৱন নকৰিলে গোটেই দিনটোৱে এলাহ ভাব অথবা...

চাহৰ সৈতে বিস্কুটকিমান স্বাস্থ্যকৰ?

পুৱা শুই উঠিয়েই দাঁত ব্ৰাছ কৰি আমি সকলোৱে চাহকাপত চুমুক দিওঁ৷ পুৱা ব্ৰেকফাষ্টৰ সৈতে চাহকাপ সেৱন নকৰিলে গোটেই দিনটোৱে এলাহ ভাব অথবা...

স্বৰ্গ-মৰ্ত্যৰ মাজৰ এই উপত্যকা!য’ত সময়ো থমকি ৰৈছে

ছাংগ্ৰিলা উপত্যকা– সঁচাকৈয়ে কি আছে এই ৰহস্যময় উপত্যকাত৷ ইয়াক লৈ বিভিন্ন সময়ত নানা প্ৰশ্নৰ উদয় হৈছে৷ ইয়াৰ ৰহস্য...

ভূপৃষ্ঠত সূৰ্যৰ উৎপত্তিৰ আগতেই পানী আছিল : কোনে ক’লে?

বিশ্বব্ৰহ্মাণ্ডত নক্ষত্ৰ সৃষ্টি হোৱাৰ আগৰে পৰাই পানী আছিল৷ বিজ্ঞানীসকলে ইয়াৰ তথ্য লাভ কৰিছে৷ উল্লেখ্য যে বিজ্ঞানীসকলে বিশ্বব্ৰহ্মাণ্ডত প্ৰথমে নক্ষত্ৰ, পানী, পৃথিৱী নে...