ৰিক হানচেনে কৈছিল—- “মই কেৱল নিশ্চিত হ’ব খুজিছিলোঁ যে মই এতিয়াও জীৱিত হৈ আছোঁ। প্ৰকৃততে ই আছিল নিজৰ ভাগ্যৰ বিৰুদ্ধে এক সংগ্ৰাম, যি সংগ্ৰামত মই জয়ী হ’ব খুজিছিলোঁ।
প্ৰিয় পাঠক, “জীৱন-সাগৰত মানিক বিচাৰি” শিতানত আজি আমি আপোনালোকক এনে দুগৰাকী জীৱন-যোদ্ধাৰ সৈতে চিনাকি কৰি দিবলৈ ওলাইছোঁ, যাৰ জীৱন-সংগ্ৰামৰ কাহিনী শুনি আপোনালোকৰো হৃদয়বোৰ অন্তহীন সুখ, সাহস আৰু শান্তিৰে দোৰোল খাই পৰিব। জীৱনত শক্তিশালী তেজী ঘোৰাৰ দৰে দৌৰিবলৈ আপোনালোকেও মনত অফুৰন্ত উদ্যম পাব। এই দুগৰাকী ব্যক্তি হ’ল সাম্প্ৰতিক সময়ৰ ভাৰতৰ প্ৰখ্যাত ইউৰ’লজিষ্ট ডাঃ অৰূপ কুমাৰ নাথৰ পিতৃ-মাতৃ ভদ্ৰেশ্বৰ নাথ আৰু ৰবিতা দেৱী। এই দুগৰাকী খেতিয়ক পিতৃ-মাতৃয়ে সকলো অভাৱ-অনাতন তথা জীৱনৰ দুখ-যন্ত্ৰণা, ওখোৰা-মোখোৰাকো নেওচি তিলতিলকৈ গঢ় দিছিল অৰূপ কুমাৰ নাথক। আমাৰ চেনেহৰ হীৰুদাৰ কাব্যিক কথা— “মই সুধিছিলোঁ দেৱতাৰ মন্দিৰৰ বাট কেনি ? তাই আগবঢ়াই দিলে চকুলোৰে সেমেকা হাতখনি।” চকুলোৰে সেমেকা হাতখনিৰ বাহিৰে অৰূপ কুমাৰ নাথৰ মাতৃ ৰবিতা দেৱীৰ যেন দিবলৈ আৰু একোৱেই নাছিল। পিছে এই পৃথিৱীৰ প্ৰতিটোপাল চকুপানীৰ আঁৰত লুকাই থাকে একোটাহঁত সত্য, যাৰ গাত আঁউজি এই পৃথিৱীখন আজিও পৃথিৱী হৈ আছে আৰু সদায় থাকিব। এগৰাকী মাতৃৰ চকুলোৰে সেমেকা হাতখনিৰ প্ৰতি সঁহাৰি জনাবলৈ আগবাঢ়ি আহিল এই বসুন্ধৰাৰ কিছুমান ভাল মনৰ মানুহ— প্ৰকৃত মানহ; যিয়ে সহ্য কৰিব নোৱাৰে পৃথিৱীৰ চকুপানীবোৰ। এই ভাল মনৰ মানুহবোৰৰ বাবেই এই বসুন্ধৰাত আজিও পৱিত্ৰতাৰে ফুলি আছে নানাৰঙী ফুল। থাউকতে তেনে দুগৰাকী ব্যক্তি হ’ল : ডাঃ অৰূপ কুমাৰ নাথৰ তাৱৈ লোকনাথ নাথ আৰু ডাঃ নাথৰ পিতৃৰ বন্ধু টিকেন মজুমদাৰ।
অৰ্থৰ অভাৱৰ বাবেই তথা চেনেহৰ ভায়েকক এগৰাকী সু-চিকিৎসক হিচাপে গঢ়ি তোলাৰ স্বাৰ্থত বায়েক মামণি দেৱীয়ে স্নাতক পাঠ্যক্ৰম সম্পূৰ্ণ কৰি আৰু নপঢ়াৰ সিদ্ধান্ত ল’লে।
সৰুৰে পৰাই সহজে হাৰ নমনা আঁকোৰগোজ স্বভাৱৰ আছিল ডাঃ অৰূপ কুমাৰ নাথ। স্বাস্থ্য-সচেতনতা তথা খেলাধূলাৰ প্ৰতি অত্যন্ত হাবিয়াস থকা ডাঃ নাথৰ প্ৰকৃতিৰ সৈতে আছিল এক নিবিড় আত্মীয়তা। সু-চৰিত্ৰ আছিল তেওঁৰ জীৱন-যুদ্ধৰ অন্যতম হাথিয়াৰ। আৰু দাৰিদ্ৰতাক তেওঁ হাঁহি-হাঁহি গ্ৰহণ কৰিবলৈ শিকিছিল তেওঁৰ যুঁজাৰু পিতৃ-মাতৃৰ পৰা। কিন্তু যাৰ কাষত ঈশ্বৰ থাকে—থাকিবলৈ বাধ্য হয়—তেওঁৰ বাবে দাৰিদ্ৰতা কেতিয়াও হেঙাৰ হ’ব নোৱাৰে। দাৰিদ্ৰতা তেওঁৰ বাবে হয় জীৱনৰ সঞ্জীৱনী সুধা।
সময়বোৰ বাগৰিল। চৰম ত্যাগ, অন্তহীন ধৈৰ্য আৰু সুদীৰ্ঘ দিনৰ অপেক্ষাৰ অন্তত নিজৰ পুত্ৰক চিকিৎসা বিজ্ঞানৰ উচ্চ শিক্ষাৰে শিক্ষিত কৰি তোলাৰ হেঁপাহ বাস্তৱায়িত হয় ভদ্ৰেশ্বৰ নাথ আৰু ৰবিতা দেৱীৰ। গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ পৰা MBBS আৰু MS ডিগ্ৰী সম্পূৰ্ণ কৰি আহমেদাবাদৰ Behramji Jijibhoi Medical College-ৰ পৰা ডাঃ অৰূপ কুমাৰ নাথে সুখ্যাতিৰে সম্পূৰ্ণ কৰে ইউৰ’লজি বিষয়ত MCh ডিগ্ৰী।
বৰ্তমান কেৱল উত্তৰ-পূৰ্বাঞ্চলৰে নহয়, ভাৰতবৰ্ষৰ প্ৰখ্যাত ইউৰ’লজিসকলৰ অন্যতম হিচাপে ডাঃ অৰূপ কুমাৰ নাথৰ নাম উচ্চাৰিত হয়। সাহিত্য-কলা-সংস্কৃতিৰ প্ৰতি অত্যন্ত আস্থা আৰু শ্ৰদ্ধা থকা ডাঃ নাথ ৰোগীসকলৰ বাবে ত্ৰাণকৰ্তাস্বৰূপ। সপ্ৰতিভ তেওঁৰ সহজ-সৰল মুখত ৰোগীয়ে অনন্ত আশাৰ সন্ধান পায়। সেয়েহে কথা পাতিবলৈ তিলমানো সংকোচ নকৰে ৰোগীয়ে। লে’জাৰমে’ন হিচাপে খ্যাত ডাঃ অৰূপ কুমাৰ নাথৰ যাদুকৰী হাতে প্ৰতিটো অস্ত্ৰোপচাৰক এনে নিখুঁতভাৱে সমাপন কৰে যে যিদৰে এগৰাকী শিল্পীয়ে দুহাতৰ শেষ বোলেৰে কোনো এক শিল্পক কৰি তোলে পৰিপূৰ্ণ আৰু নিখুঁত। বিনয়ী, নিৰহংকাৰী তথা কঠোৰ পৰিশ্ৰমী ডাঃ অৰূপ কুমাৰ নাথে কৃচ্ছ্ৰসাধনাৰ বলত আজি ভাৰতবৰ্ষৰ চিকিৎসা খণ্ডত এক সন্মানীয় স্থান দখল কৰিবলৈ সক্ষম হৈছে। স্থান দখল কৰিবলৈ সক্ষম হৈছে সহস্ৰ-সহস্ৰজন আৰোগ্য লাভ কৰা ৰোগীৰ হৃদয়ত। বিপদত পৰাজনৰ বাবে, দুখীয়া-দৰিদ্ৰ কোনো ৰোগীৰ বাবে আলফুলে সহায়ৰ হাতখন আগবঢ়াই দিবলৈ প্ৰতিমুহূৰ্ততে সাজু থকা ডাঃ নাথৰ আছে এটা সুখী পৰিয়াল : পিতৃ-মাতৃ, পত্নী সন্ধ্যামিকা দেৱী আৰু কন্যা-পুত্ৰ আইলীন আৰু আৰোহন। স্বামী-কন্যা-পুত্ৰৰে ডাঃ নাথৰ বায়েক মামণি দেৱীৰো আছে এটা সৰু সুখী পৰিয়াল।
জীৱন-যোদ্ধা তাকেই বোলে যি খন্তেকৰ বাবে বিচলিত হ’লেও কেতিয়াও হাৰ নামানে। বহু সময়ত চকুপানী আপোনাৰ জীৱন-যুঁজৰ টনিক হৈ পৰিব পাৰে। চকুপানীয়ে আমাক নিচুকায়, সত্য আৰু পৱিত্ৰতাৰে বাট বুলিবলৈ শিকায়। চকুপানীয়ে আমাক জীৱনৰ সৈতে মুখামুখি হ’বলৈ শক্তি দিয়ে, সাহস দিয়ে। দেশৰ প্ৰখ্যাত ইউৰ’লজিষ্ট ডাঃ অৰূপ কুমাৰ নাথৰ পিতৃ ভদ্ৰেশ্বৰ নাথ আৰু মাতৃ ৰবিতা দেৱীক সেইবাবেই আজি আমি ‘জীৱন-সাগৰৰ মানিক’ বুলি আপোনালোকৰ সৈতে চিনাকি কৰি দিছোঁ। এই দুগৰাকী পিতৃ-মাতৃ অনেক পিতৃ-মাতৃৰ বাবেই হৈ ৰওক অনুপ্ৰেৰণাৰ আকৰ। কৰ্নেল ছেণ্ডাৰ্ছে কৈছিল— কোনোবাই নিজে পৰাজিত হ’ব নিবিচাৰিলে, কেতিয়াও তেওঁ পৰাস্ত নহয়।