৫০ বছৰতো ২৫ বছৰীয়া যেন দেখিবলৈ ছালৰ কিদৰে যতন ল’ব ?

0
379

সাধাৰণতে আমাৰ বয়স বঢ়াৰ লগে লগে প্ৰথমেই ছালখনৰ সৌন্দৰ্যত আঘাত পৰে৷ ছালখন শোতোৰা-মোতোৰা হয়, বলিৰেখা পৰে, ছালৰ সুস্থতা নাইকিয়া হয়; ছালত বয়সৰ চাপ পৰে৷ সেয়ে ছালৰ ক্ষেত্ৰত বিশেষকৈ মহিলাসকলে যতন লোৱা দেখা যায়৷ আনহাতে কোৰিয়ানসকলৰ ছাল তথা ৰূপচৰ্চাৰ বিষয়ে সমগ্ৰ পৃথিৱীতেই জনাজাত৷ কোৰিয়ানসকলৰ বয়স বাঢ়িলেও ছালৰ কোনোধৰণৰ প্ৰভাৱ পৰা পৰিলক্ষিত নহয়৷ ছালৰ যতনৰ ক্ষেত্ৰত বিভিন্ন কোম্পানীৰ বিউটি প্ৰডাক্ট ব্যৱহাৰ কৰে যদিও এইবোৰত ৰাসায়নিক মিশ্ৰণ বহুলভাৱে ব্যৱহূত হোৱা বাবে ছালৰ ক্ষতি কৰাৰ সম্ভাৱনা থাকে৷ এখন সুন্দৰ, উজ্জ্বল, নিমজ ছাল পাবলৈ কম খৰচতে ঘৰুৱাভাৱে কি ব্যৱহাৰ কৰিব জানো আহক৷
কেঁচা গাখীৰ ফ্ৰীজত ৰাখি বৰফ হ’বলৈ দিব৷ বৰফ হোৱাৰ পাছত তাৰ পৰা উলিয়াই মুখত লগাওক৷ এইদৰে মুখত লগোৱাৰ ফলত মুখৰ তৈলাক্ত ভাব নোহোৱা হৈ ছালখন পৰিষ্কাৰ হৈ পৰিব৷
চাউল ধোৱাৰ পাছত ওলোৱা পানী তথা চাউল সিদ্ধ কৰাৰ পাছত সেই পানীখিনি ফাৰমেনটেশ্যনৰ বাবে ২-৩ দিন এটা বটলত ৰাখি দিয়ক৷ সেই পানীৰে মুখ চাফা কৰিলে মুখৰ ছাল পৰিষ্কাৰ কৰাৰ লগতে ছালৰ বিন্ধাবোৰ খুলি দিয়ে৷
ছালৰ যত্নৰ বাবে গ্ৰীন টী এটি দৰকাৰী উপাদান৷ এটা পাত্ৰত অলপ পানীত লৈ তাত গ্ৰীন টী লৈ প্ৰথমে গৰম হ’বলৈ দিব৷ ঠাণ্ডা হোৱাৰ পাছত মিশ্ৰণটো মুখত ভালদৰে লগাই দিব৷ ছালৰ উজ্জ্বলতা বঢ়োৱাৰ লগতে ছালৰ দূষিত পদাৰ্থ পৰিষ্কাৰ কৰাত এই মিশ্ৰণে সহায় কৰে৷
মৌ ছালৰ বাবে অত্যন্ত উপকাৰী৷ পুৱা গৰম পানীৰ সৈতে মৌ সেৱন কৰিলে ছালখন সুস্থ ৰখাৰ লগতে ছালৰ উজ্জ্বলতা, সজীৱতা উন্নত কৰে৷
এখন টাৱেল লৈ গৰম পানীত ভিজাই ৰাখক৷ তাৰ পাছত টাৱেলখন পানীৰ পৰা উঠাই টাৱেলত থকা পানীখিনি চেপি উলিয়াই দিয়ক৷ এতিয়া এই ভিজা টাৱেলখন কিছুসময় মুখৰ ওপৰত ৰাখক৷ ছালখনত হোৱা বিভিন্ন সংক্ৰমণ তথা ছালৰ মৃত কোষবোৰ আঁতৰ কৰাত এই পদ্ধতি যথেষ্ট কাৰ্যকৰী৷
    অলপ চাউলৰ গুড়ি লৈ তাত এলোভেৰা জেল মিশ্ৰণ কৰি এটা পেষ্ট তৈয়াৰ কৰক৷ এই মিশ্ৰণটো বিশ মিনিটমান মুখত লগাই পাছত ভালদৰে পৰিষ্কাৰ পানীৰে ধুই দিয়ক৷ ছালখন সতেজ, পৰিষ্কাৰ কৰি ৰখাত এই মিশ্ৰণটোৱে সহায় কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here