খালী পেটত কুহুমীয়া পানী সেৱন কৰিলে কি পাব আচৰিত লাভ ?

0
193

আপুনি যদি সুস্থ থাকিব বিচাৰে, তেন্তে প্ৰতিদিনে পুৱা টোপনিৰ পৰা উঠিয়েই এগিলাচ পানী সেৱন কৰক৷ চিকিৎসকেও খালী পেটত পানী সেৱন কৰিবলৈ পৰামৰ্শ দিয়ে৷ বহুতে আকৌ শুই উঠিয়েই পানী সেৱন কৰাৰ অভ্যাস কৰি লয়৷ কিয়নো ইয়াৰ আছে লাভজনক লাভ৷  পুৱা  খালী পেটত এগিলাচ পানী সেৱন কৰিলে আশ্চৰ্যকৰ লাভ হয়৷ জানো আহক পুৱা খালী পেটত পানী সেৱন কৰিলে আমাৰ শৰীৰৰ কিধৰণেৰে উপকাৰ হয়৷
গোটেই ৰাতিটো শোৱাৰ পাছত আমাৰ শৰীৰ এনেই শুষ্ক হৈ থাকে৷ সেয়েহে পুৱা উঠিয়েই কুহুমীয়া পানী সেৱন কৰিলে শৰীৰত পানীৰ অভাৱ দূৰ হয়৷
নিতৌ খালী পেটত এক গ্লাছ কুহুমীয়া পানী সেৱন কৰিলে মলাশয় পৰিষ্কাৰ হয়৷ সেয়েহে শৰীৰে সহজেই নতুনকৈ খোৱাৰ বাবে পুষ্টি গ্ৰহণ কৰিব পাৰে৷
বহুতকে দেখা যায়, পুৱা শুই উঠিলেই মূৰৰ বিষ অনুভৱ হয়৷ তেওঁলোকে ৰাতি পুৱা শুই উঠিয়েই কুহুমীয়া পানী সেৱন কৰিলে এনে বিকাৰ নোহোৱা হয়৷ কিয়নো শৰীৰত পানীৰ পৰিমাণ কমি যোৱাৰ ফলতেই এনে অসুবিধা হ’ব পাৰে৷
পুৱা খালী পেটতে নিয়মিতভাৱে কুহুমীয়া পানী সেৱন কৰিলে ছাল আৰু চুলি ভালে ৰখাত সহায়ক হয়৷
আপোনাৰ যদি অত্যধিক গেছৰ সমস্যা আছে, তেনেহ’লে পুৱা শুই উঠিয়েই একো নেখোৱাকৈ পানী খোৱাৰ অভ্যাস কৰক৷ দেখিব আপোনাৰ গেছৰ সমস্যা ক্ৰমান্বয়ে কমিবলৈ লৈছে৷
 হজমৰ সমস্যা, কোষ্ঠকাঠিন্যৰ সমস্যা আদি দূৰ কৰাৰ উত্তম উপায় হ’ল সদায় শুই উঠি এগিলাচ কুহুমীয়া পানী সেৱন কৰা৷
ৰাতি শুই থকাৰ ফলত পানীৰ অভাৱ পূৰণ কৰিবলৈ দৈনিক পুৱা কুহুমীয়া পানী খোৱাৰ অভ্যাস কৰক৷ এনেদৰে পানী সেৱন কৰাৰ ফলত শৰীৰে ইয়াৰ প্ৰয়োজনীয় কাৰ্যক্ষমতা চলাই নিয়াত সহায়ক হয়৷
যিসকলে শৰীৰৰ ওজন কমাবলৈ বিচাৰে, তেওঁলোকে প্ৰতিদিনে শুই উঠিয়েই খালী পেটত কুহুমীয়া পানী সেৱন কৰিব পাৰে৷ কিয়নো যিমানে বেছি পানী সেৱন কৰিব, সিমানে হজম ভাল হয় আৰু শৰীৰত চৰ্বি জমা হ’ব নোৱাৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here