দিনচৰ্যা ১ঃ শুই উঠাৰ নিয়ম

0
507


ডাঃ নিতুল বৈশ্য
ফোনঃ ৭৮৯৬২৪৬০০১

আপুনি পুৱা কিমান সময়ত শোৱাপাটী এৰে ? ৬ বা ৭ বজাত ? কেতিয়াবা ৮ বজাত ?

হয়। আমি প্ৰায় সকলোৰে পুৱা সোনকালে শোৱাপাটী এৰাৰ অভ্যাস নাইকিয়াই হ’ল।কিবা দৰকাৰী কামতেই হওক বা এনেয়েই মোবাইল পিটিকি ৰাতি দেৰিলৈ উজাগৰে থাকি পুৱা দেৰিকৈ শোৱাৰ পৰা উঠাটো যেন আমাৰ সকলোৰে বাবে এক অঘোষিত নিয়মত পৰিণত হ’ল। আপোনাকে ধৰি আপোনাৰ চৌপাশে থকা ৯০ – ৯৫% মানুহে শোৱাৰ পৰা বহুত দেৰিকৈ উঠে। তেওঁলোকৰ শোৱাপাটী এৰাৰ কোনো নিৰ্দিষ্ট সময় নাথাকে। ৰাতি শুৱৰ পৰত এলাৰ্ম ছেট কৰি থ’লেও পুৱা চৰম বিৰক্তিৰে টোপনিৰ আলিজালিতে বাৰে বাৰে সেই এলাৰ্ম বন্ধ কৰি পুনৰ শুই যোৱা পৰিলক্ষিত হয়। আপোনাৰ এলাৰ্মৰ শব্দত ঘৰৰ সকলো মানুহে সাৰ পায় আৰু নিজ নিজ কামত লাগি যায়, কিন্তু আপোনাৰ চকু মেল নাখায়হে নাখায় — এনে ঘটনাও আপোনাৰ জীৱনত নিশ্চয় প্ৰায়েই হয়। মুঠৰ ওপৰত, আমি কোনোৱে পুৱা সোনকালে শুই নুঠো, বা আমাৰ শুই উঠাৰ কোনো নিৰ্দিষ্ট সময় নাই।
কিন্তু ই কিমান স্বাস্থ্যসন্মত ?

এটা সময় আছিল যেতিয়া প্লেগ হৈ লাখ লাখ মানুহ মৰিছিল, সাধাৰণ ফ্লু হৈ কিমান মানুহ মৰিছিল তাৰ কোনো হিচাপ নাছিল, কলেৰা বা হাইজা হৈ এখন এখন গাঁ‌ও পৰ্যন্ত বিনাচিকিৎসাই উছন গৈছিল। কিন্তু পেনিচিলিনৰ পৰা আৰম্ভ কৰি বিভিন্ন প্ৰতিজৈৱিক ঔষধ (Antibiotic)-ৰ আৱিষ্কাৰৰ লগে লগে সংক্ৰামক ৰোগ (infectious Disease)-সমূহ কমি আহিল। যদিওবা ক’ভিডে শেহতীয়াকৈ মানৱ জাতিক বহু জলা-কলা খুৱালে, তথাপি এনেকুৱা ৰোগ Disease of the Decade হে আৰু ইয়ো বৰ্তমান নিয়ন্ত্ৰণাধীন হৈ পৰিছে। ইয়াৰ বিপৰীতে কিন্তু অসংক্ৰামক ৰোগসমূহ বা জীৱনশৈলীজনিত ৰোগসমূহ অভাৱনীয়ভাৱে হুৰাহুৰে বাঢ়ি আহিব ধৰিছে। আজিৰ দিনত হাৰ্টৰ বেমাৰ, ডায়েবেটিছ বা মধুমেহ, কেঞ্চাৰ বা কৰ্কট, হাঁওফাঁওৰ ৰোগ, মেদবহুলতা, উচ্চ ৰক্তচাপ আদি বিভিন্ন জীৱনশৈলীজনিত ৰোগসমূহে সমাজখনক ভয়াৱহভাৱে ছানি ধৰিছে। আজি আমাৰ দেশৰ প্ৰতি দহগৰাকী মহিলাৰ এগৰাকী আৰু প্ৰতি সাতজন পুৰুষৰ এজন উচ্চ ৰক্তচাপত আক্ৰান্ত। আজি দিল্লীত জন্ম গ্ৰহণ কৰা প্ৰতি তিনিটা শিশুৰ এটাকৈ শিশু জন্মগত হাঁ‌ওফাঁ‌ওৰ ৰোগ বা শ্বাস-প্ৰশ্বাসৰ ৰোগত আক্ৰান্ত। আজি ডায়েবেটিছ ৰোগী নথকা পৰিয়াল বিৰলপ্ৰায় হৈ গ’ল আৰু ভাৰতবৰ্ষ ডায়েবেটিছৰ ৰাজধানী হৈ পৰিল। আনহে নালাগে, আমাৰ উত্তৰ-পূৰ্বাঞ্চল দেশৰ কেঞ্চাৰ কেপিটেল হৈ গ’ল। মেদবহুলতাৰ কথা নক’লোঁৱেই যেনিবা !
১৯৯০ চনত ভাৰতত মৃত্যু হোৱা লোকৰ ৩৭%ৰ মৃত্যুৰ কাৰণ আছিল জীৱনশৈলীজনিত ৰোগ। আচৰিতভাৱে এই হাৰ বাঢ়ি আজি ২০২০ চনত ভাৰতত জীৱনশৈলীজনিত ৰোগত মৃত্যু হোৱা লোকৰ হাৰ হ’লগৈ ৬১%। ই অতি উদ্ৰেকৰ বিষয়। সেই কাৰণেই সম্প্ৰতি আমি জীৱনশৈলী পৰিৱৰ্তনত গুৰুত্ব দিয়াৰ অতীৱ প্ৰয়োজন।

তিনিটা কথাৰ ওপৰতেই আমাৰ সমস্ত দেহ-মন-জীৱন নিৰ্ভৰ কৰে। দিনটোত আমি কি কি কাম কৰোঁ, কি কি খাওঁ আৰু কি ধৰণৰ চিন্তা কৰোঁ – এই তিনিটা কথাই আমাক আৰু আমাৰ সমস্ত সত্তাক নিয়ন্ত্ৰণ কৰে। আমি শুই উঠি দিনটোত কি কি কৰিব লাগে, তাকে আলোচনা কৰাৰ আগতে আহকচোন জানো যে আমি কেতিয়া শুই উঠিব লাগে।

ইংৰাজীত এষাৰ কথা আছে —
“Early to bed and early to rise,
Makes a man healthy, wealthy and wise.”
অৰ্থাৎ, পুৱা সোনকালে শুই উঠাৰ অভ্যাসে মানুহক স্বাস্থ্যৱান, চহকী আৰু জ্ঞানী কৰি তোলে। এক কথাত ক’বলৈ হ’লে — স্বাস্থ্যৰক্ষাৰ প্ৰথম চৰ্তটোৱেই হ’ল পুৱা সোনকালে শুই উঠা। কিন্তু সোনকাল মানে কিমান সোনকালে ? ৬ নে ৫ বজাত ? নে ৪ বজাত ?
এই প্ৰশ্নৰ সদুত্তৰ হ’ল যে আপুনি সদায় ব্ৰহ্মমুহূৰ্তত উঠা উচিত। এতিয়া ব্ৰহ্মমুহূৰ্ত মানেনো কি ? ব্ৰহ্মমুহূৰ্ত মানে হ’ল সূৰ্যোদয়ৰ ৪৮ মিনিট আগৰ পৰা ঠিক সূৰ্যোদয়ৰ সময়লৈ এইখিনি সময়। যিহেতু বছৰটোৰ বেলেগ বেলেগ দিনত বা মাহত সূৰ্যোদয়ৰ সময় ভিন্ন হৈ থাকে গতিকে আপুনি সহজভাৱে ৩.৩০ ৰ পৰা ৫.৩০ বজাৰ এই সময়খিনিকেই ব্ৰহ্মমুহূৰ্ত বুলি বুজিব পাৰে। এই সময়খিনিৰ বিশেষ গুৰুত্ব আছে।
ব্ৰহ্মমুহূৰ্তত পৰিৱেশ খুব শান্ত-সমাহিত হৈ থাকে। ই অন্তৰাত্মাত আধ্যাত্মিকতাৰ সৃষ্টি কৰে আৰু মনক প্ৰফুল্লতা প্ৰদান কৰে। এই সময়খিনি সাধাৰণতে দুঃচিন্তামুক্ত, যিয়ে প্ৰাৰ্থনা আৰু আত্মশুদ্ধিৰ অৱকাশ দিয়ে। ইয়াৰোপৰি অলপতে ৯০,০০০ ভাৰতীয়ৰ ওপৰত চলোৱা এক সমীক্ষাত পোহৰলৈ আহে যে ব্ৰহ্মমুহূৰ্তত শোৱাপাটী এৰা পুৰুষ-মহিলাসকলৰ অন্য পুৰুষ-মহিলাতকৈ হাৰ্টৰ বেমাৰ, উচ্চ ৰক্তচাপ, মধুমেহ আৰু মেদবহুলতা হোৱাৰ সম্ভাৱনা ৫০% কমি থাকে। অন্য এক গৱেষণাত ধৰা পৰিছে যে অন্য সময়ৰ তুলনাত ব্ৰহ্মমুহূৰ্তত বায়ুমণ্ডলত অম্লজান বা অক্সিজেনৰ পৰিমাণ যথেষ্ট বেছি থাকে (সাধাৰণতে বায়ুমণ্ডলত অম্লজান বা অক্সিজেন ২১% থাকে, কিন্তু কিছু গৱেষণাই ব্ৰহ্মমুহূৰ্তৰ অক্সিজেনৰ পৰিমাণ ৪১% পৰ্যন্ত বুলি দাবী কৰিছে)। লগতে ব্ৰহ্মমুহূৰ্তত বায়ুমণ্ডলত প্ৰদূষকৰ পৰিমাণ অন্য সময়ৰ তুলনাত ৯০% কম বুলি ঠাৱৰ কৰা হৈছে, যি আমাৰ শ্বাসতন্ত্ৰৰ বাবে যথেষ্ট হিতোপযোগী হয়।

মানুহৰ লাওখোলৰ ভিতৰত মস্তিষ্কৰ একেবাৰে মাজভাগত পিনিয়েল গ্ৰন্থি বুলি এটা গ্লেণ্ড বা গ্ৰন্থি থাকে। ই আন্ধাৰত মেলাট’নিন উৎপন্ন কৰে আৰু পোহৰত এই প্ৰক্ৰিয়া বন্ধ কৰায়। মেলাট’নিনে আমাৰ দেহৰ জৈৱিক ঘড়ী বা বায়’লজীকেল ক্ল’কক নিয়ন্ত্ৰণ কৰি আমাৰ শৰীৰক সুস্থিৰতা প্ৰদান কৰে। কোনো কোনো গৱেষকৰ মতে ব্ৰহ্মমুহূৰ্তত বায়ুমণ্ডলত এক বিশেষ মহাজাগতিক বিদ্যুত চুম্বকীয় শক্তি সঞ্চাৰিত হয় যিয়ে আমাৰ চিন্তাশক্তিক ধনাত্মকভাৱে প্ৰভাৱান্বিত কৰিব পাৰে।
বায়ুমণ্ডলৰ ষ্ট্ৰেট’স্ফিয়েৰ নামৰ দুই নম্বৰ তৰপত থকা অ’জন গেছৰ আৱৰণটোত ব্ৰহ্মমুহূৰ্তত অ’জন গেছ বেছিকৈ উৎপন্ন হয় বাবে অ’জনৰ এই আৱৰণ এই সময়ত ডাঠ হৈ থাকে; ফলত সূৰ্যৰ পৰা অহা চৰ্ম-কৰ্কট সৃষ্টিকাৰী অতি-বেঙুনীয়া ৰশ্মিয়ে পুৱাৰ এই সময়খিনিত অ’জন ভেদ কৰি পৃথিৱীলৈ আহিব নোৱাৰে। গতিকে সূৰ্যৰ ৰ’দে যিহেতু আমাৰ শৰীৰত ভিটামিন-ডি উৎপন্ন কৰায়, সেয়েহে অতি-বেঙুনীয়া ৰশ্মিৰহিত এই সময়খিনিয়েই হৈছে ৰ’দৰ পৰা ভিটামিন-ডি লোৱাৰ উত্তম সময়। গতিকে বিজ্ঞানসন্মতভাৱেও ব্ৰহ্মমুহূৰ্তৰ গুৰুত্ব আছে। এই আটাইবোৰ তথ্যই ব্ৰহ্মমুহূৰ্তৰ বিশেষত্বক নিৰ্দেশ কৰে। সেয়েহে সাম্প্ৰতিক সময়ত হুৰাহুৰে বাঢ়ি অহা জীৱনশৈলীজনিত ৰোগ বা লাইফ ষ্টাইলজনিত বেমাৰ (Lifestyle Diseases) বা অসংক্ৰামক ৰোগসমূহ (Non-communicable Diseases) প্ৰতিহত কৰিবলৈ আহকচোন প্ৰথম পদক্ষেপ হিচাপে আমি ব্ৰহ্মমুহূৰ্তত শোৱাপাটী এৰাৰ অভ্যাস গঢ়ি তোলোঁ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here