২০ কোটি টকাৰ নিচাজাতীয় টেবলেট জব্দ মহানগৰীত

0
1391

প্ৰায় ২০ কোটি টকা মূল্যৰ ড্ৰাগ্‌ছ সৰবৰাহ কৰোঁতে মণিপুৰ আৰক্ষীৰ জোৱান লেটমীন সিং হাওকী আৰু খাওখুকিং হাওকী নামৰ আন এজন ব্যক্তিক অসম আৰক্ষীয়ে যোৱা ২৪ জুলাইত গুৱাহাটীত গ্ৰেপ্তাৰ কৰে৷ পৰ্যটকৰ বেশ ধৰি মণিপুৰৰ ম’ৰেৰ পৰা ধৃত ব্যক্তিদ্বয়ে নিচাযুক্ত এক লাখ টেবলেট কঢ়িয়াই আনোতে বশিষ্ঠ আৰক্ষীয়ে চোৰাংচোৱাৰ তথ্যৰ ভিত্তিত ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত অভিযান চলাই গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ মহানগৰ আৰক্ষীৰ যুটীয়া আয়ুক্ত পাৰ্থসাৰথি মহন্তই সদৰী কৰা অনুসৰি ধৃত ব্যক্তিদ্বয়ে পৰ্যটকৰ বেশ লৈ এক লাখ য়াবাহা টেবলেট ম’ৰেৰ পৰা এখন টাটা নেক্সন গাড়ীৰে গুৱাহাটীলৈ কঢ়িয়াই আনিছিল৷ 
গুৱাহাটীৰ পৰা সেই নিচাযুক্ত টেবলেটখিনি বাংগালুৰুলৈ নিয়াৰ কথা আছিল৷ চোৰাংচোৱাই পূৰ্বে তথ্য যোগান ধৰাৰ ফলত মহানগৰ আৰক্ষীয়ে ব্যক্তি দুজনক গ্ৰেপ্তাৰ কৰাৰ লগতে এই বৃহৎ পৰিমাণৰ নিচাযুক্ত ড্ৰাগ্‌ছ জব্দ কৰিবলৈ সক্ষম হয়৷  সম্প্ৰতি ধৃত ব্যক্তিদ্বয়ক মহানগৰ আৰক্ষীৰ জিম্মাত ৰখা হৈছে৷ উল্লেখ্য যে বিগত প্ৰায় ডেৰ বছৰ ধৰি নিচাযুক্ত দ্ৰব্য বা আন চোৰাং সামগ্ৰী সৰবৰাহৰ বিৰুদ্ধে মহানগৰ আৰক্ষীৰ নিৰন্তৰ অভিযান অব্যাহত আছে৷ অসম আৰক্ষীৰ এনে নিৰন্তৰ অভিযানৰ ফলত ড্ৰাগ্‌ছ সৰবৰাহকাৰীসকলে সামগ্ৰী সৰবৰাহৰ সঘনে গতি-বিধি সলনি কৰা আৰম্ভ কৰিছে৷ এইবাৰ আকৌ পৰ্যটকৰ বেশত ড্ৰাগ্‌ছ সৰবৰাহ কৰিছিল৷ মহানগৰ আৰক্ষীৰ এয়া এক বৃহৎ সফলতা বুলি যুটীয়া আৰক্ষী আয়ুক্তগৰাকীয়ে দাবী কৰিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here