যুগান্তকাৰী সাফল্য : জোনবাইৰ মাটিত গজিছে বীজ

0
366

অবিৰতভাৱে প্ৰচেষ্টা চলাই থকাৰ পাছত অৱশেষত বিজ্ঞানীয়ে মহাকাশৰ গৱেষণাত  এক যুগান্তকাৰী সফলতা লাভ কৰিছে৷ এই সফলতা লাভ কৰিছে ফ্লৰিডা বিশ্ববিদ্যালয়ৰ এদল বিজ্ঞানীয়ে৷ এপ’ল’ মকাকাশযানে চন্দ্ৰপৃষ্ঠৰ পৰা কঢ়িয়াই অনা মাটিত অংকুৰিত হৈছে বীজ৷ 
আমেৰিকা যুক্তৰাষ্ট্ৰৰ মহাকাশ সংস্থা নাছা আৰু ফ্লৰিডা বিশ্ববিদ্যালয় বিজ্ঞানীয়ে চন্দ্ৰপৃষ্ঠৰ পৰা অনা মাটিত গছপুলি গজাই এক ইতিহাস সৃষ্টি কৰিলে৷ অকল এয়াই নহয়, ইমানদিনে চন্দ্ৰক লৈ চলা বহু জল্পনা-কল্পনাৰ ওৰ পেলাই মহাকাশচাৰীয়ে চন্দ্ৰক লৈ কৰা গৱেষণাত এক আশাৰ সঞ্চাৰ কৰিলে৷ 
উল্লেখ্য যে অৰ্ধশতিকা আগেয়ে এপ’ল’ মহাকাশযানেৰে অভিযানৰ সময়ত চন্দ্ৰপৃষ্ঠৰ পৰা মহাকাশচাৰীয়ে মাটি আনিছিল৷ তাৰ আগেয়ে আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা নাছাই চন্দ্ৰলৈ মানুহ পঠিওৱাৰ বাবে জোৰদাৰ প্ৰস্তুতি চলায়৷ 
আনহাতে চন্দ্ৰপৃষ্ঠত  চীন আৰু ৰাছিয়াই যৌথভাৱে লুনাৰ ষ্টেচন তৈয়াৰৰ পৰিকল্পনা কৰে৷ কিন্তু জোনৰ দেশত জীৱ জীয়াই থকাটো সম্ভাৱনা নহ’ল৷ চন্দ্ৰত জীৱন ধাৰণৰ এই ন্যূনতম চাহিদা পূৰণ সম্ভৱ হয়নে? সেই বিষয়ে জানিবলৈ পুনৰ আৰম্ভ হৈছিল গৱেষণা৷ এই গৱেষণাই পূৰ্ণতা লাভ কৰি অৱশেষত সফলতাৰ মুখ দেখে; কিয়নো চন্দ্ৰৰ পৰা অনা মাটিত গজি উঠিছে বীজ৷ 
গৱেষণাগাৰত এপ’ল’ মহাকাশযানে অনা মাটিখিনিতেই পোনপ্ৰথমে গছৰ কুঁহিপাত মেলি আশাৰ সঞ্চাৰ ঘটালে বিজ্ঞানীৰ৷ আৰাবিড’পছিছ নামৰ গছৰ প্ৰজাতিটোৱে এই সংৰক্ষিত মাটিখিনিত মেলিলে গজালি৷ নাছাৰ বিজ্ঞানী বিল নেলছনে এই বিষয়ে কয় যে চন্দ্ৰ অথবা মঙল গৃহত দীৰ্ঘসময়ৰ বাবে কিদৰে থকাটো সম্ভৱ হয়, সেই বিষয়ে চিন্তা-চৰ্চা আৰম্ভ কৰিছে৷ 
বৰ্তমান এই বিষয় লৈ অনুসন্ধান অব্যাহত আছে৷ এই কাৰ্যত সফল হ’লে মহাকাশচাৰীয়ে চন্দ্ৰপৃষ্ঠৰ থাকিয়েই গৱেষণা কৰিব পাৰিব৷ এতিয়া চন্দ্ৰপৃষ্ঠৰ মাটিত গছৰ জন্ম যে সম্ভৱ, সেই সম্ভাৱনাও মুকলি হ’ল৷ পৃথিৱীৰ দৰে যে চন্দ্ৰৰ মাটিত কৃষিকাৰ্য সম্ভৱ আৰু ইয়াৰ মাটিত গছ জীয়াই থকাটো সম্ভৱ, সেই কথা বিজ্ঞানীয়ে নিশ্চিত কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here