বিজ্ঞান-প্ৰযুক্তি নতুন চিন্তা নৱ আৱিষ্কাৰৰ ওপৰত নিৰ্ভৰশীল হ’ব

0
402

চি এছ আই আৰ উত্তৰ-পূব বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানত [চি এছ আই আৰ-নেইষ্ট] গৱেষণা আৰু উদ্যোগৰ সংযোগ আই-কানেক্ট উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ ৰাজ্যিক মন্ত্ৰী ড॰ জিতেন্দ্ৰ সিঙে কয় যে অনাগত দিনত অৰ্থ-ব্যৱস্থা, বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা আদি সকলো দিশতে নতুন চিন্তা আৰু নৱ আৱিষ্কাৰৰ ওপৰত অধিক নিৰ্ভৰশীল হ’ব৷ 
কেন্দ্ৰীয় মন্ত্ৰী ড॰ সিঙে কয় যে সংহত দৃষ্টিভংগী অৰ্থাৎ উদ্যোগ, শৈক্ষিক দিশ আৰু গৱেষণাক সমান্তৰালকৈ আগবঢ়াই নিব লাগিব, যাতে বহনক্ষম উন্নয়নত ব্যক্তিৰ উন্নয়নো হয় লগতে থলুৱা নব্য উদ্ভাৱনো হয়৷ নেইষ্টৰ সঞ্চালক ড॰ জি নৰহৰি শাস্ত্ৰীৰ নেতৃত্বত অনুষ্ঠিত গৱেষণা আৰু উদ্যোগৰ সংযোগ আই-কানেক্টৰ উদ্বোধনী অনুষ্ঠানটোত অংশগ্ৰহণ কৰে ৰাজ্যৰ স্বাস্থ্য পৰিয়াল কল্যাণ আৰু বিজ্ঞান প্ৰযুক্তিবিদ্যা মন্ত্ৰী কেশৱ মহন্তই৷ 
মন্ত্ৰী কেশৱ মহন্তই কয় যে ভাৰতবৰ্ষৰ স্বাধীনতাৰ অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি আয়োজন কৰা আই-কানেক্টৰ যোগেদি বিজ্ঞান আৰু প্ৰযুক্তিৰ বিভিন্ন ক্ষেত্ৰৰ সফলতা প্ৰদৰ্শন কৰা ৭৫টা উদ্যোগক সংযোগ কৰা হৈছে৷ ভাৰত চৰকাৰে লোৱা আই-কানেক্টৰ পদক্ষেপে অসমতো ভাল প্ৰভাৱ পেলাব৷ ক্ষুদ্ৰ, মজলীয়া অন্যান্য উদ্যোগসমূহৰ উপৰি কৃষিখণ্ড আদিতো ই সহায় কৰিব৷
বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ সচিব ড॰ শ্বিবাৰী চন্দ্ৰশেখৰে অনলাইন ব্যৱস্থাত উত্তৰ পূৰ্বাঞ্চল, ভাৰত, জম্মু আৰু কাশ্মীৰ, বেংগালুৰু আৰু হায়দৰাবাদ অঞ্চলৰ বিভিন্ন ঔদ্যোগিকৰণ পদ্ধতিৰ বিষয়ে আলোকপাত কৰে৷ অনুষ্ঠানটোত চি এছ আৰ আই নেইষ্টৰ সঞ্চালক ড॰ জি নৰহৰি শাস্ত্ৰীয়ে ভাষণত আত্মনিৰ্ভৰ ভাৰত আৰু আৰ্থ-সামাজিক পৰিৱৰ্তনৰ বাবে উদ্যোগসমূহৰ সৈতে চি এছ আই আৰ, ডি এছ টি, ডি বি টি, এম অ’ ই এছৰ দৰে বিভিন্ন চৰকাৰী বিকাশ সংস্থাৰ সহযোগিতাৰ কথা উল্লেখ কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here