প্ৰথমবাৰৰ বাবে এজন ব্যক্তিৰ মৃত্যু ওচৰ চাপি অহাৰ আগমুহূৰ্তত মানুহজনৰ মনত সেই সময়ছোৱাত ঘটে, এই সকলোবোৰ কাৰ্যক্ৰমণিকা বিজ্ঞানীয়ে এটা বিশেষ যন্ত্ৰত আবদ্ধ কৰিবলৈ সক্ষম হৈছে৷ বিজ্ঞানীসকলে দাবী কৰিছে যে মৃত্যুৰ ১৫ মিনিট সময় আগতে মানুহ এজনৰ মগজুয়ে শেষ মুহূৰ্তত তেওঁৰ জীৱনৰ ভাল স্মৃতিবোৰ মনত পেলায়৷ শেহতীয়া অধ্যয়ন অনুসৰি বিজ্ঞানীসকলে দুৰ্ঘটনাক্ৰমে মানুহৰ আটাইতকৈ জটিল অংগ, মগজুত ঘটা কিছুমান মুহূৰ্ত আবদ্ধ কৰি ৰাখিবলৈ সক্ষম হয়৷ মৃত্যুৰ সময়ত এজন ব্যক্তিয়ে শেষমুহূৰ্তত কি ভাবে, সেয়া বিজ্ঞানীসকলে লিপিবদ্ধ কৰিছে৷ দৰাচলতে অধ্যয়নটো চলোৱা হৈছিল এজন চিকিৎসাধীন এজন ৰোগীৰ ক্ষেত্ৰত৷ মৃগীৰোগত আক্ৰান্ত বৃদ্ধ লোকজনৰ চিকিৎসাধীন অৱস্থাতে মৃত্যু হয়৷ লোকজন ইলেক্ট্ৰএনচেফালোগ্ৰাম বা ই ই জিৰ সৈতে সংলগ্ন হৈ আছিল৷ মৃত লোকজনৰ মৃত্যুৰ পূৰ্বৰ ১৫ মিনিটৰ আবদ্ধ কৰি ৰখা হৈছে, যাৰ পৰা স্পষ্টকৈ জানিবলৈ পোৱা হৈছে যে ব্যক্তিজনে তেওঁৰ জীৱনৰ শেষ মুহূৰ্তত ভাল স্মৃতিবোৰ মনত পেলাইছিল৷ গৱেষণাটোত কোৱা হৈছে যে এজন ব্যক্তিৰ মৃত্যুৰ আগমুহূৰ্তত মগজু অতি সক্ৰিয় হৈ থাকে৷ আনহাতে শেষ মুহূৰ্তত মানুহৰ মন এনে অৱস্থাত উপনীত হয় যেন কোনোবাই সপোনহে দেখি আছে৷ আচৰিত কথাটো হ’ল সেই সময়ত মানুহৰ শৰীৰ জঠৰ হৈ পৰিলেও, কিন্তু অন্তিম পৰ্যায়ত উপনীত হোৱাৰ পাছতো মনটোৱে কিছুসময়ৰ বাবে সঠিকভাৱে কাম কৰি থাকে৷ এই গৱেষণাটো কৰা লুইচডিল জেম্মাৰ বিশ্ববিদ্যালয়ৰ নিউৰ’ছাৰ্জন ডাঃ আজমল জেম্মাৰে জনোৱা মতে গামা দোলন তৰংগৰ সময়ত মানুহৰ মগজুৱে পুৰণি কালৰ ভাল লগা স্মৃতিবোৰ মনত ৰাখিবলৈ আৰম্ভ কৰে৷ মানুহৰ বাহিৰে নিগনিৰ ক্ষেত্ৰতো মৃত্যুৰ সময়ত একেধৰণৰ পৰিঘটনা দেখিবলৈ পোৱা যায়৷ কিন্তু মানুহৰ ক্ষেত্ৰত পূৰ্বতে কেতিয়াও এনেকুৱা তথ্য পোৱা হোৱা নাছিল৷ প্ৰতিবেদনখনত উল্লেখ কৰা অনুসৰি ইয়াৰ অৰ্থ হৈছে যে গোটেই বিষয়টো এতিয়াও অধিক গৱেষণাৰ প্ৰয়োজন৷ কিন্তু নিশ্চিত ৰূপত কোৱা হয় যে এজন ব্যক্তিৰ মৃত্যুৰ আগতে তেওঁৰ সৰ্বশ্ৰেষ্ঠ স্মৃতিবোৰ মনত পেলাবলৈ ধৰে৷