নাহৰফুটুকী বাঘৰ গণনাৰ এক অভিনৱ পদক্ষেপ

0
316

নাহৰফুটুকী বাঘৰ সংখ্যা গণনাৰ এক অভিনৱ পদক্ষেপ গ্ৰহণ কৰিছে মহানগৰীৰে দাঁতিকাষৰীয়া উত্তৰ গুৱাহাটীত৷ বনাঞ্চল এৰি জনাঞ্চললৈ ওলাই অহা বাঘৰ বিচৰণ চলি থকাৰ সময়তে উত্তৰ কামৰূপ বন সংমণ্ডলে গ্ৰহণ কৰিছে ‘নাহৰফুটুকী বাঘ গণনা’ কাৰ্য৷ 
উত্তৰ গুৱাহাটীৰ আজ্ঞাঠুৰী, দীৰ্ঘেশ্বৰী, চিলা, আই আই টি, গুৱাহাটীত কেমেৰা সংস্থাপনৰ জৰিয়তে নাহৰফুটুকীৰ গণনা কৰা হ’ব৷ উত্তৰ কামৰূপ বন সংমণ্ডলৰ বন বিষয়া  চানীডেউ  চৌধুৰীৰ তত্ত্বাৱধানত হ’ব কেমেৰা ট্ৰেপিং৷ 
এন টি চি এত কাম কৰাৰ অভিজ্ঞতা থকা ৱাইল্ডলাইফ বায়’লজিষ্ট কামাল আজাদে এই কামত বিশেষভাৱে সহায় কৰিছে৷ অভয়াৰণ্যৰ বাহিৰত ৰাজ্যত প্ৰথমবাৰৰ বাবে সংৰক্ষিত বনাঞ্চলত আৰম্ভ কৰা হৈছে নাহৰফুটুকীৰ গণনাৰ কাম৷ 
উত্তৰ গুৱাহাটীৰ অগ্ৰণী বেচৰকাৰী সংস্থা সচেতন যুৱ মঞ্চ, উত্তৰ গুৱাহাটী মহাবিদ্যালয়, আই আই টি, গুৱাহাটীয়ে বিশেষভাৱে সহায় আগবঢ়াইছে৷ 
ইতিমধ্যে ক্ষেত্ৰ অধ্যয়নৰ কাম আৰম্ভ কৰি সম্পূৰ্ণ অঞ্চলটো ৪০টা গ্ৰীডত ভাগ কৰা হৈছে৷ সৰ্বমুঠ ৫০টা কেমেৰা এই গ্ৰীডসমূহত লগোৱা হ’ব৷ অহা ৩০ দিনৰ ভিতৰত সম্পূৰ্ণ হ’ব এই গণনা অভিযান৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here