এইম্‌ছত চীনৰ হেকাৰেচাইবাৰ আক্ৰমণ কৰাৰ সন্দেহ

0
254

দিল্লীৰ সৰ্বভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠান চমুকৈ এইম্‌ছত হোৱা চাইবাৰ আক্ৰমণত লাখ লাখ ৰোগীৰ ব্যক্তিগত তথ্যৰ প্ৰতি ভাবুকি সৃষ্টি হৈছে৷ সূত্ৰ মতে সন্দেহযুক্ত চীনা হেকাৰে কৰা চাইবাৰ আক্ৰমণত মুঠ পাঁচটা ছাৰ্ভাৰ লক্ষ্য কৰি লোৱা হৈছিল৷ তথ্যত দেখিবলৈ পোৱা গৈছে যে এইম্‌ছৰ চুৰি হোৱা তথ্যৰ বাবে ডাৰ্ক ৱেবত ৰ,৬০০টা ছাৰ্চ হৈছে৷ এই চুৰি তথ্যবোৰৰ ভিতৰত ৰাজনীতিক, চেলিব্ৰিটি [প্ৰসিদ্ধি]কে ধৰি ভি ভি আই পিৰ তথ্য আছে৷ দিল্লী আৰক্ষীৰ বিশেষ শাখাৰ বিশেষজ্ঞ গোট আই এফ এছ অ’ৰ সূত্ৰই প্ৰকাশ কৰিছে যে মুঠ পাঁচটা ছাৰ্ভাৰ হেক কৰা হৈছিল৷ ফৰেনছিক ছায়েন্স লেবৰেটৰীয়ে এতিয়া চুৰি হোৱা তথ্যৰ বিষয়ে পৰীক্ষা কৰি আছে৷ অৱশ্যে আই এফ এছ অ’ৰ মতে কোনো তথ্য হেৰাই যোৱা নাই৷ হেকাৰবোৰৰ মূল উদ্দেশ্য আছিল ধন দাবী৷ হেকাৰবোৰে ক্ৰিপ্ট’কাৰেন্সিত ২০০ কোটি টকা দাবী কৰিছিল বুলি মাজতে বাতৰি প্ৰকাশ পাইছিল৷ অলপতে ছাৰ্ভাৰ হেক হোৱাৰ পাছত ৰোগীসকলে দুৰ্ভোগ ভুগিবলগীয়া হয়৷ প্ৰাথমিক কাম-কাজবোৰ মন্থৰ হৈ পৰে৷ ছাৰ্ভাৰ ডাউন হোৱা বাবে জৰুৰী, বহিঃবিভাগ, আন্তঃবিভাগ আৰু পৰীক্ষাগাৰ শাখাই কায়িকভাৱে [মেনুৱেলী] কাম কৰিব লগা হয়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here