৮ লাখ ৫০ হাজাৰ সদস্যই বিতৰণ কৰিব কভিড-১৯অৰ প্ৰতিষেধক

0
1858

আজি সমগ্ৰ বিশ্বতে কৰ’নাৰ সন্ত্ৰাস অব্যাহত আছে৷ তাৰ মাজতে বিজ্ঞানীসকলে ইয়াৰ প্ৰতিষেধক উদ্ভাৱন কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে৷ এই ক্ষেত্ৰত ভাৰতৰ বিশেষজ্ঞৰ দলেও নানা ধৰণৰ পৰীক্ষা-নিৰীক্ষা চলাই আছে৷ যদিহে ভবা মতে সকলোবোৰ সম্ভৱ হৈ উঠে, তেন্তে খুব কম সময়ৰ ভিতৰতে আমাৰ দেশতো উপলব্ধ হ’ব কৰ’নাৰ ভেকচিন৷ এই মহামাৰীৰ প্ৰতিষেধক বিতৰণৰ বাবে ভাৰতবৰ্ষৰ এটি বিশেষ সংস্থা “কেমিষ্ট এণ্ড ড্ৰাগিষ্ট” সাজু হৈছে৷ জানিব পৰা মতে এই সংস্থাটো এক সৰ্বভাৰতীয় সংস্থা আৰু ইয়াৰ লগত জড়িত হৈ থকা ৮ লাখ ৫০ হাজাৰ সদস্যই কভিড ভেকচিন বিতৰণৰ বাবে সাজু হৈছে৷ সংস্থাটোৰ সভাপতি জি এছ সিন্ধ আৰু সাধাৰণ সম্পাদক ৰাজীৱ সিংহালে জনোৱা মতে যদিহে কৰ’না ভাইৰাছৰ প্ৰতিষেধক ওলায়, তেন্তে সংস্থাটোৱে দেশজুৰি এই প্ৰতিষেধকবিধ বিতৰণ কৰিবলৈ সাজু হৈ আছে৷ সেয়ে প্ৰতিষ্ঠানটোৰ বিষয়ববীয়াসকলে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক এই বিষয়ত গুৰুত্ব আৰোপ কৰিবলৈ আহ্বান জনায়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here