১৫ কোটি শিশু আনুষ্ঠানিক শিক্ষাৰ পৰা বাহিৰত: ধৰ্মেন্দ্ৰ প্ৰধান

0
1554
দেশৰ প্ৰায় ১৫ কোটি শিশু আৰু যুৱক-যুৱতী আনুষ্ঠানিক শিক্ষা ব্যৱস্থাৰ পৰা বাহিৰত থকা বুলি উল্লেখ কৰিছে কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে৷ আন ২৪ কোটি লোক সাক্ষৰতাৰ প্ৰাথমিক পৰিভাষাৰ পৰা তলত আছে৷ CIR বাৰ্ষিক সন্মিলনত দিয়া ভাষণত তেওঁ এনেদৰে কয়৷ তেওঁ কয় যে যদি চৰকাৰী, ব্যক্তিগত, দাতব্য বিদ্যালয় তথা অংগনৱাড়ী কেন্দ্ৰ, উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানৰ তথ্যৰ প্ৰতি চকু দিয়া হয়, তেতিয়া ৩-২২ বছৰ বয়সৰ শিশু তথা যুৱক-যুৱতীৰ সংখ্যা হয় প্ৰায় ৩৫ কোটি৷ আনহাতে দেশত ৩-২২ বছৰ বয়সৰ মুঠ জনসংখ্যা হ’ল প্ৰায় ৫০ কোটি৷ ইয়াৰ অৰ্থ হ’ল দেশৰ প্ৰায় ১৫ কোটি শিশু আৰু যুৱক-যুৱতী আনুষ্ঠানিক শিক্ষাৰ পৰা বাহিৰত আছে৷ প্ৰধানে প্ৰকাশ কৰা অনুসৰি, স্বাধীনতাৰ পাছৰ লোকপিয়লৰ তথ্য মতে, ভাৰতৰ প্ৰায় ১৯% লোক সাক্ষৰ আছিল৷ এতিয়া স্বাধীনতাৰ ৭৫ বছৰৰ পাছত মুঠ জনসংখ্যাৰ প্ৰায় ২০% অৰ্থাৎ প্ৰায় ২৫ কোটি লোক সাক্ষৰতাৰ প্ৰাথমিক  পৰিভাষাৰ তলত আছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here