আমি সকলোৱে সুস্থ-সবল হিচাপে থকাটোৱে বিচাৰোঁ আৰু ইয়াৰ বাবে যৎপৰোনাস্তি চেষ্টা কৰোঁ৷ এটা সুস্থ-সবল দেহ আৰু মনৰ অধিকাৰী হ’বলৈ তথা দৈনন্দিন জীৱনশৈলী মানি চলিবলৈ যতনে কৰা উচিত৷ প্ৰিয় মানুহবোৰৰ সৈতে হাঁহি ধেমালিৰে জীৱনটো নিয়াব পাৰিলে জীৱন সাৰ্থক বুলি ভবা হয়৷ অৱশ্যে বয়স বঢ়াৰ লগে লগে বিভিন্ন শাৰীৰিক সমস্যা অহাটো স্বাভাৱিক কথা৷ ইয়াৰ লগতে নানা ৰোগৰ লগতে দুখ, ভাগৰ, শোক আদিয়েও আমাৰ চাৰিওফালে আগুৰি ধৰে৷এই সকলো পৰিস্থিতিৰ সৈতে মোকাবিলা কৰা তথা নিজকে শাৰীৰিক, মানসিকভাৱে সুস্থ কৰি ৰখাটো অতি প্ৰয়োজনীয়৷ কিয়নো নিজকে সবল কৰি ৰাখিব পাৰিলেহে আনকো ভালে ৰাখিবলৈ সহজ হয়৷ প্ৰতিদিনে সহজ কিছু কাম তথা অভ্যাস কৰিলে আপোনাৰ ভালে বা সুস্থ কৰি ৰখাত সহায় কৰিব৷
ব্যায়াম তাৰুণ্য ধৰি ৰখাৰ বাবে কাৰ্যকৰী উপায়৷ নিয়মিতভাৱে শাৰীৰিক অনুশীলন কৰিলে পেশীৰ শক্তি, নমনীয়তা তথা কাৰ্ডিঅ’ভাস্কুলাৰ স্বাস্থ্য বজাই ৰখাত সহায় কৰে৷ এই অভ্যাসে এণ্ড্ৰোৰফিন উৎপাদনত উৎসাহিত কৰে, যিয়ে মন-মেজাজ উন্নত কৰে তথা মানসিক চাপ কমাই ৰাখে৷
ফল-মূল, সেউজীয়া শাক-পাচলি, চৰ্বিহীন প্ৰ’টিন তথা দানাজাতীয় শস্যসমৃদ্ধ সুষম আহাৰে প্ৰয়োজনীয় পুষ্টিৰ যোগান ধৰে৷ এইবোৰ খাদ্যই ছালৰ স্বাস্থ্য ভালে ৰখাৰ লগতে ৰোগ প্ৰতিৰোধ ক্ষমতাও বঢ়াই শৰীৰৰ সৰ্বোত্তমভাৱে কাম কৰে৷ এণ্টিঅক্সিডেণ্ট সমৃদ্ধ খাদ্য যেনে– ব্লুবেৰি, পালেং শাক, বিলাহী অক্সিডেটিভ ষ্ট্ৰেচ কমাই বাৰ্ধক্যজনিত লক্ষণবোৰ সৈতে যুঁজ কৰাত সহায় কৰে৷
ছাল তথা সামগ্ৰিক স্বাস্থ্য বজাই ৰখাৰ বাবে হাইড্ৰেটেড থকা অত্যন্ত গুৰুত্বপূৰ্ণ৷ পানীয়ে শৰীৰৰ পৰা টক্সিন বাহিৰ কৰাত সহায় কৰে৷ সেয়ে দৈনিক আঠ গ্লাছ পানী সেৱন কৰাৰ লক্ষ্য স্থিৰ কৰক৷
শৰীৰৰ মেৰামতি তথা পুনৰুজ্জীৱনৰ কাৰণে পৰ্যাপ্ত টোপনিৰ অতিকে আৱশ্যক৷ টোপনিৰ অভাৱ হ’লে অকাল বাৰ্ধক্য, মানসিক চাপ বৃদ্ধি তথা শৰীৰ দুৰ্বল হৈ ইমিউনিটি ছিষ্টেমৰ সমস্যাই দেখা দিব পাৰে৷ ৰাতি ৭-৮ ঘণ্টাকৈ টোপনি মাৰক৷
দীৰ্ঘস্থায়ী মানসিক চাপে বাৰ্ধক্য প্ৰক্ৰিয়াক ত্বৰান্বিত কৰিব পাৰে৷ ইয়াৰ লগতে শাৰীৰিক তথা মানসিক বিভিন্ন সমস্যায়ো দেখা দিব পাৰে৷ সেয়ে ধ্যান, যোগাসন, গভীৰ শ্বাস-প্ৰশ্বাসৰ দৰে অনুশীলন কৰিলে মানসিক চাপৰ মাত্ৰা নিয়ন্ত্ৰণত ৰখাত সহায় কৰিব৷
সক্ৰিয় তথা সামজিক জীৱন বজাই ৰাখক৷ ইতিবাচক চিন্তা, সামাজিক কাম-কাজে মানসিক চাপ কমাই ৰখাত সহায় কৰে, সুখৰ অনুভূতি বাঢ়িব পাৰে আৰু জীৱনৰ সঠিক উদ্দেশ্য কাৰ্যকৰী হ’ব পাৰে৷ সম্পৰ্কবোৰ প্ৰতিপালন কৰি, বন্ধু-বান্ধৱ তথা পৰিয়াল-পৰিজনৰ সৈতে সময় দিলে তথা সুসম্পৰ্ক ৰাখিলে মনক আনন্দ দিয়ে আৰু সকলো চিন্তাৰ পৰা দূৰত ৰাখে৷