সুখবৰ! প্ৰস্ৰাৱ পৰীক্ষাতে চিনাক্ত হ’ব মগজুৰ কৰ্কট

0
230


বৰ্তমান সমগ্ৰ বিশ্বতে কৰ্কট ৰোগৰ প্ৰাদুৰ্ভাৱ অভাৱনীয়ভাৱে বৃদ্ধি পাইছে৷ কেঞ্চাৰত আক্ৰান্ত হৈ বছৰি কোটিৰ ঘৰত মানুহৰ প্ৰাণহানি হৈছে৷ এই দুৰাৰোগ্য ৰোগবিধৰ নিয়ন্ত্ৰণ তথা ৰোধৰ বাবে গৱেষণাৰ জৰিয়তে বিভিন্ন ঔষধ প্ৰস্তুত হৈছে৷ কিন্তু এই মেডিচিনসমূহ কৰ্কট ৰোগ নিৰাময়ত কিমান ফলপ্ৰসূ হৈ সেইটোৱে বিচাৰ্যৰ কথা৷ শেহতীয়াভাৱে চিকিৎসা যুগান্তকাৰী সফলতাৰে জাপানৰ নায়োগা বিশ্ববিদ্যালয়ৰ বিজ্ঞানী আৰু গৱেষকৰ দলে প্ৰস্ৰাৱ পৰীক্ষাতে মগজুৰ কৰ্কট ৰোগ চিনাক্ত কৰিবলৈ সক্ষম হয়৷ কেৱল প্ৰস্ৰাৱৰ নমুনাৰ পৰীক্ষাৰ ফলাফলতে মগজুুৰ কেঞ্চাৰ চিনাক্ত কৰিব পৰা সফলতাই এতিয়া সমগ্ৰ বিশ্বৰে কেঞ্চাৰ ৰোগীসকলৰ মাজত আশাৰ সঞ্চাৰ কৰিছে৷ আনহাতে নায়োগা বিশ্ববিদ্যালয়ৰ গৱেষকে কৰা গৱেষণাৰ প্ৰতিবেদন অনুসৰি মগজুৰ কেঞ্চাৰ বা ব্ৰেইন টিউমাৰত আক্ৰান্ত লোকৰ জীৱন ৰক্ষাৰ হাৰ অতি নিম্ন৷ কিয়নো মগজুৰ কৰ্কট ৰোগত আক্ৰান্ত লোকৰ বিশেষ লক্ষণ দেখা পোৱা নাযায় আৰু মগজুত কৰ্কট ৰোগত আক্ৰান্ত হ’লে বহু পলমকৈয়ে ধৰা পৰে৷ সেয়েহে ধৰা পৰালৈ ৰোগে অধিক জটিল ৰূপ ধাৰণ কৰে৷ জাপানৰ বিজ্ঞানীৰ দলে কৰা অধ্যয়ন মতে প্ৰস্ৰাৱ পৰীক্ষা কৰাৰ পাছতেই এজন আক্ৰান্ত ব্যক্তিয়ে ব্ৰেইন টিউমাৰ সন্দৰ্ভত ইংগিত লাভ কৰিব৷ যিয়ে পৰৱৰ্তী সময়ত আক্ৰান্ত ব্যক্তিজনৰ চিকিৎসাৰ ক্ষেত্ৰত যথেষ্ট সহায় কৰিব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here