সাৱধান ! আপোনাৰ শিশুটিক ছানস্ক্ৰিন ব্যৱহাৰ কৰিবলৈ দিয়ে নেকি?

0
1550

Retinyl palmitate আৰু Homosalate কেমিকেলে DNA-ক প্ৰভাৱিত কৰিব পাৰে আৰু ইয়াৰ ফলত শিশুৰ ছালৰ টিউমাৰ, কেঞ্চাৰ আদি হ’ব পাৰে৷

গৰমৰ দিন প্ৰায়  সমাগত৷ এই দিনকেইটাত সূৰ্যৰ প্ৰখৰ তাপৰ বাবে ঘৰৰ পৰা ওলোৱাটো কঠিন হৈ পৰে যদিও সকলোৱে দৈনন্দিন কামতো কৰিবই লাগিব৷ সেই কাৰণে সূৰ্যৰ প্ৰখৰ ৰ’দে যাতে ছালখনৰ ক্ষতি কৰিব নোৱাৰে, তাৰ বাবে বহুতেই বাহিৰলৈ ওলোৱাৰ আগতে ছানস্ক্ৰিন ব্যৱহাৰ কৰাৰ পৰামৰ্শ দিয়ে৷ আজিকালি ডাঙৰৰ দৰে শিশুসকলৰ বাবেও বিভিন্ন ছানস্ক্ৰিন বজাৰত উপলব্ধ৷ কিন্তু এই ছানস্ক্ৰিনসমূহত কিছুমান কেমিকেল থাকে, যিবোৰ শিশুৰ কোমল ছালৰ বাবে উপযোগী নহয়৷

(১) JOURNAL OF THE AMERICAN MEDICAL ASSOCIATION ত প্ৰকাশিত এটা তথ্যৰ পৰা জানিব পৰা গৈছে যে ছানস্ক্ৰিনত এনেকুৱা কিছুমান কেমিকেল থাকে, যাক ৰক্তবাহিকাই অতি সহজে শুহি ল’ব পাৰে, যাৰ ফলত ছালৰ বিভিন্ন সমস্যাই দেখা দিব পাৰে৷

11 Best Sunscreens for Kids and Babies 2021 - Safe SPF for Children

(২) সকলো ধৰণৰ ছানস্ক্ৰিনত Oxybenzone নামৰ কেমিকেল থাকে৷ এইবিধ উপাদান অতি সোনকালে ছালৰ লগত মিলি যায়৷ যিহেতু শিশুৰ ছাল অতি কোমল হয়, সেয়েহে এই উপাদানৰ ফলত খৰ, বেচু আদিৰ দৰে বিভিন্ন ধৰণৰ ছালৰ সমস্যা দেখা দিব পাৰে৷ এইবিধ উপাদানে হৰমনৰ অসন্তুলন আৰু অন্তঃস্ৰাৱী প্ৰক্ৰিয়াক প্ৰভাৱিত কৰে৷

Your Child's Eczema | baby gooroo

(৩) ছানস্ক্ৰিনত থকা Octinoxate নামৰ কেমিকেলবিধে ফ্ৰি ৰেডিকেল উৎপন্ন কৰে, যাৰ বিৰূপ প্ৰভাৱ শিশুৰ ছাল আৰু কোষত পৰিব পাৰে৷

Can children use adult sunscreen? Find out here | HELLO!

(৪) Retinyl palmitate আৰু Homosalate কেমিকেলে DNA-ক প্ৰভাৱিত কৰিব পাৰে আৰু ইয়াৰ ফলত শিশুৰ ছালৰ টিউমাৰ, কেঞ্চাৰ আদি হ’ব পাৰে৷

4 Smart Tips to Keep Your Kids Safe in the Sun -

(৫) NCBI অনুসৰি শিশুৰ ছানস্ক্ৰিনত Oxybenzone আৰু Octocrylene থাকিব নালাগে৷ গতিকে শিশুৰ বাবে ছানস্ক্ৰিন কিনোতে এনেবোৰ উপাদান নথকা ছানস্ক্ৰিনহে কিনিব৷

আৰু চাওক-জানেনে? ব্লাড গ্ৰুপৰ ওপৰত নিৰ্ভৰ কৰে হাৰ্ট এটেকৰ সম্ভাৱনা

https://www.facebook.com/plugins/video.php?height=314&href=https%3A%2F%2Fwww.facebook.com%2FNewsHealthplus%2Fvideos%2F282505836734472%2F&show_text=true&width=560

LEAVE A REPLY

Please enter your comment!
Please enter your name here