সাগৰত পৰি থকা বৰ্জনীয় প্লাষ্টিক, মাছমৰীয়াই ব্যৱহাৰৰ অনুপযোগী কৰি পেলাই অহা জালৰ অংশবিশেষক নতুনত্ব প্ৰদান কৰি, এক উদ্ভাৱনীমূলক আৰু বহন ক্ষমতাৰ সমাহাৰ ঘটাই মাত্ৰা দিয়াৰ পদক্ষেপ গ্ৰহণ কৰিছে ছেমছাং ইলেক্ট্ৰনিক্সে৷ ছেমছাং ইলেক্ট্ৰনিক্সে সাগৰত পৰি থকা এনে জাতীয় সামগ্ৰীৰ ইয়াৰ গেলেক্সি ডিভাইচত সংযোগ কৰাৰ কথা ঘোষণা কৰিছে৷ ছেমছাং কোম্পানীয়ে মাছ মৰা জালৰ অংশবিশেষ, বৰ্জ্য সামগ্ৰীসমূহৰ দ্বাৰা গেলেক্সি ডিভাইচত ব্যৱহাৰ কৰি পৰিৱেশ-অনুকূলৰ সৃষ্টিত গুৰুত্ব আৰোপ কৰিছে৷ উল্লেখ্য যে অহা ৯ ফেব্ৰুৱাৰীত প্ৰদৰ্শন কৰা হ’ব এইদৰে বৰ্জ্য প্লাষ্টিক ব্যৱহাৰ কৰি প্ৰস্তুত কৰা গেলেক্সি ডিভাইচ৷ মন কৰিবলগীয়া যে প্ৰতি বছৰে ৬,৪০,০০০ টন মাছ মৰা জাল সাগৰত পৰিত্যক্ত অৱস্থাত পোৱা যায় আৰু এয়ে সাগৰৰ জীৱকুলৰ ওপৰত বিৰূপ প্ৰভাৱ পেলায়৷ সেয়েহে ছেমছাঙৰ এনে পদক্ষেপে বৰ্জনীয় প্লাষ্টিকৰ সামগ্ৰীসমূহ পুনৰ ব্যৱহাৰৰ উপযোগী কৰি তোলাৰ লগতে পৰিৱেশৰ পাৰিপাশ্বিৰ্কতাৰ প্ৰতি এক আশাৰ বতৰা কঢ়িয়াই আনিছে৷