সাগৰত বৰ্জনীয় প্লাষ্টিক পুনৰ ব্যৱহাৰৰ পদক্ষেপ

0
258

সাগৰত পৰি থকা বৰ্জনীয় প্লাষ্টিক, মাছমৰীয়াই ব্যৱহাৰৰ অনুপযোগী কৰি পেলাই অহা জালৰ অংশবিশেষক নতুনত্ব প্ৰদান কৰি, এক উদ্ভাৱনীমূলক আৰু বহন ক্ষমতাৰ সমাহাৰ ঘটাই মাত্ৰা দিয়াৰ পদক্ষেপ গ্ৰহণ কৰিছে ছেমছাং ইলেক্ট্ৰনিক্সে৷ ছেমছাং ইলেক্ট্ৰনিক্সে সাগৰত পৰি থকা এনে  জাতীয় সামগ্ৰীৰ ইয়াৰ গেলেক্সি ডিভাইচত সংযোগ কৰাৰ কথা ঘোষণা কৰিছে৷ ছেমছাং কোম্পানীয়ে মাছ মৰা জালৰ অংশবিশেষ, বৰ্জ্য সামগ্ৰীসমূহৰ দ্বাৰা গেলেক্সি ডিভাইচত ব্যৱহাৰ কৰি পৰিৱেশ-অনুকূলৰ সৃষ্টিত গুৰুত্ব আৰোপ কৰিছে৷ উল্লেখ্য যে অহা ৯ ফেব্ৰুৱাৰীত প্ৰদৰ্শন কৰা হ’ব এইদৰে বৰ্জ্য প্লাষ্টিক ব্যৱহাৰ কৰি প্ৰস্তুত কৰা গেলেক্সি ডিভাইচ৷ মন কৰিবলগীয়া যে প্ৰতি বছৰে ৬,৪০,০০০ টন মাছ মৰা জাল সাগৰত পৰিত্যক্ত অৱস্থাত পোৱা যায় আৰু এয়ে সাগৰৰ জীৱকুলৰ ওপৰত বিৰূপ প্ৰভাৱ পেলায়৷ সেয়েহে ছেমছাঙৰ এনে পদক্ষেপে বৰ্জনীয় প্লাষ্টিকৰ সামগ্ৰীসমূহ পুনৰ ব্যৱহাৰৰ উপযোগী কৰি তোলাৰ লগতে পৰিৱেশৰ পাৰিপাশ্বিৰ্কতাৰ প্ৰতি এক আশাৰ বতৰা কঢ়িয়াই আনিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here