শুষ্ক, ৰ’দে পোৰা হাতৰ যত্ন ল’বলৈঘৰুৱাভাৱে প্ৰস্তুত কৰক এই ৫ স্ক্ৰাব

0
305


দিনটোৰ কাম-কাজ সামৰি ঘৰ সোমাওঁতে ভাগৰ-ক্নান্তি যিমানে লাগক কিয়, মুখৰ যত্ন লোৱাৰ ক্ষেত্ৰত অলপো কাৰ্পণ্য নকৰে, বিশেষকৈ মহিলাসকলে৷ মুখত লগা ধূলি বালি গুচাই মেকআপ তুলি টোনাৰ, মইশ্বৰাইডাৰ লগাইহে শান্তি পায়৷ কিন্তু ইয়াৰ বিপৰীতে দিনৰ দিনটো ধূলি-বালি লাগি থকা, ৰ’দত উত্তাপ লগা হাত দুখনৰ যতনত কৃপণালি কৰে৷ পাহৰি যায় হাত দুখনৰো যে যতন ল’ব লাগে৷ প্ৰায় ক্ষেত্ৰতে আকৌ কেতিয়াবা বিবাহ, আন অনুষ্ঠানলৈ যাওঁতে হাতৰ ৰ’দে পুৰি ক’লা কৰা অংশ ঢাকিও তৰণি নোপোৱা হয়৷ মুখখনৰ লগতে হাত-ভৰিৰো সঠিক যতন ল’লে এনে অস্বস্তিত পৰিবলগীয়া নহয়৷ সেয়েহে সূৰ্যৰ তাপে পোৰা হাতৰ যত্ন ঘৰুৱাভাৱে কিদৰে ল’ব সেই বিষয়ে জানো আহক৷ ঘৰতে কেইটামান স্ক্ৰাব প্ৰস্তুত কৰি ৰ’দে পোৰা হাতখনৰ পৰিচৰ্যা কৰিব পাৰি৷
এটা পাত্ৰত তিনি চামুচ চেনিৰ সৈতে অলিভ অইল ভালদৰে মিহলাই ল’ব৷ এই মিশ্ৰণটো মুখ, হাত, ভৰি আদিৰ ক’লা পৰা অংশ ভালদৰে লগাই মাচাজ কৰিব৷ মিশ্ৰণটো কিছু সময় ৰাখি কুহুমীয়া পানীৰে ধুই দিব৷ আপোনাৰ ৰ’দে পোৱা দাগ নোহোৱা হোৱাৰ উপৰি ছালখন মসৃণ হৈ পৰিব৷
এটা বাটিত দুচামুচ ওটচৰ গুৰি লৈ তাত এচামুচ মৌ ভালদৰে মিহলাই লওক৷ এই মিশ্ৰণটোৰে ৰ’দে পোৰা হাতৰ অংশত ভালদৰে ঘঁহি দিব৷ দহ মিনিটমান পাছত কুহুমীয়া পানীৰ হাতখন ধুই দিব৷ এসপ্তাহমান এইদৰে কৰিলে দেখিব হাতৰ দাগবোৰ নোহোৱা হৈছে৷
দুচামুচ কফিৰ লগত এচামুচ নাৰিকল তেল মিহলাই এটা মিশ্ৰণ প্ৰস্তুত কৰক৷ গা ধোৱাৰ আগে আগে এই মিশ্ৰণটো হাতৰ ৰ’দে পোৱা অংশত ভালদৰে লগাই ঘঁহি দিয়ক৷ কিছু সময় এইদৰে ৰাখি পাছত ধুই দিব৷
পাত্ৰ এটাত নেমুৰ ৰস উলিয়াই তাত দুচামুচ সৈন্ধৱ নিমখ মিহলাই লওক৷ এতিয়া এইখিনি ভালদৰে মিহলাই এটা মিশ্ৰণ তৈয়াৰ কৰক৷ এই মিশ্ৰণটো হাত ভৰিৰ য’ত ৰ’দে পুৰিছে তাত ভালদৰে লগাই দিয়ক৷ ১৫ মিনিটমান পাছত পৰিষ্কাৰ পানীৰে ভালদৰে ধুই দিব৷ এসপ্তাহৰ ভিতৰত হাত, ভৰিৰ দাগ নাইকিয়া হ’ব৷
কেইটামান কাঠবাদাম গুৰিকৈ মিহি কৰি অলপমান দৈৰ লগত মিহলাই লওক৷ পাৰিলে ইয়াত অলপ মৌও যোগ কৰিব পাৰে৷ এতিয়া এই প্ৰস্তুত হোৱা মিশ্ৰণটো হাতৰ ৰ’দে পোৰা অংশত ভালদৰে লগাই কিছু সময় এইদৰে ৰাখক৷ পাছত পৰিষ্কাৰ পানীৰে ধুই দিব৷ এইদৰে কৰিলে আপুনি এসপ্তাহতে ধনাত্মক প্ৰভাৱ দেখিবলৈ পাব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here