শিশুৰ টোপনি উন্নত হ’বলৈ কি কৰিব?

0
651
টোপনি আমাৰ শৰীৰৰ কাৰণে অত্যন্ত প্ৰয়োজনীয়৷ ই মানুহৰ দৈহিক আৰু মানসিক বিকাশত অগ্ৰণী ভূমিকা পালন কৰে৷ কিন্তু সৰু ল’ৰা-ছোৱালীৰ ক্ষেত্ৰত মাক-দেউতাকে শুবলৈ দিলে সিহঁতে এই কামটো বৰ বিৰক্তি পায়৷ কিয়নো তেওঁলোকে দিনৰ দিনতো খেলা-ধূলা কৰিলেই ভাল পায়৷ ফলস্বৰূপে এজন শিশুক দৈহিক আৰু মানসিক বিকাশৰ বাবে যিমানখিনি টোপনিৰ প্ৰয়োজন হয়, সিমানখিনি নহয়৷ সেয়েহে শিশুসকলৰ শোৱাৰ অভ্যাস তথা শোৱাৰ সময় নিয়মানুৱৰ্তিতা কৰাটো অভিভাৱকসকলৰ দায়িত্ব৷ সেয়েহে আজি আমি লৈ আহিছোঁ শিশুৰ টোপনি উন্নত কৰিবলৈ আপুনি কি কৰিব৷

[১] শিশুক শোৱাৰ এঘণ্টাৰ আগত ম’বাইল ফোন, টিভি আদি চাব দিব নালাগে৷ কিয়নো এই মাধ্যমবোৰৰ পৰা ওলোৱা নীলা ৰশ্মিয়ে শিশুৰ চকুত বিৰূপ প্ৰভাৱ পেলায়, যাৰ ফলত তেওঁলোকৰ অনিদ্ৰা হ’ব পাৰে৷

How To Control Screen Addiction In Kids During Lockdown-Parul Dubey - BW Businessworld


[২] শিশুক শোৱাৰ আগত শৰীৰত তেলেৰে মালিচ কৰি দিলে দেহ-মন তথা স্নায়ুসমূহে আৰাম পায়৷ যাৰ ফলত ভাল টোপনি আহে৷

Kids Massage Concept Background. Young Female Massage Therapist Giving A 6 Year Old Boy Back Massage. Physical Therapy. Stock Photo, Picture And Royalty Free Image. Image 135866865.


[৩] শিশুক বাহিৰত খেলা-ধূলা কৰিব দিয়া উচিত৷ ইয়াৰ ফলত শৰীৰৰ অংগসমূহ মজবুত হয় আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি হোৱাৰ লগতে ৰাতিলৈ সোনকালে ভাগৰ লাগি ভাল টোপনি আহে৷

Quotes about Kids Playing (73 quotes)


[8] শিশুৰ লগতে ডাঙৰেও ৰাতি একেবাৰে পাতল খাদ্য খোৱা উচিত৷ পাতল খাদ্যই হজম প্ৰক্ৰিয়া সুচল কৰি ভাল টোপনি অহাত সহায় কৰে৷


[৫] ল’ৰা-ছোৱালীক দৈনিক নিৰ্দিষ্ট সময়ত শোৱাৰ অভ্যাস কৰোৱা উচিত৷ এনেদৰে দৈনিক একেটা সময়তে শোৱাৰ অভ্যাস কৰিলে শৰীৰে আপোনাআপুনি সেই সময়তে ভাল টোপনি অহাৰ নিয়ম বনাই লয়৷

Top 6 Tips For Getting Kids To Sleep At Night - NatureDoc

LEAVE A REPLY

Please enter your comment!
Please enter your name here