যৌৱন শক্তি বৃদ্ধিৰ কাৰণে এইবিধ শাকৰ জুচ খাওক

0
395

শীতকালত বজাৰত প্ৰচুৰ পৰিমাণে পালেং শাক পোৱা যায়৷ প্ৰধানকৈ শীতকালত পোৱা পালেং শাকৰ স্বাস্থ্য উপকাৰী গুণ আমি কম-বেছি পৰিমাণে সকলোৱে জানো৷ পালেং শাক চাটনি বনাই, মাছেৰে আজ্ঞা বনাই বা ভাজি কৰি খোৱা হয়৷ ইয়াৰ সোৱাদ এবাৰ জিভাত লাগিলে এৰিবৰে মন নাযায়৷ বিভিন্ন গুণেৰে সমৃদ্ধ পালেং শাকত প্ৰচুৰ পৰিমাণে প্ৰ’টিন, ভিটামিন, আইৰন তথা মিনাৰেল পোৱা যায়৷ এইবোৰ উপাদানে আমাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে৷ হাড় মজবুত কৰাত পালেং শাকে সাংঘাতিক অৱদান আগবঢ়ায়৷ ছাল আৰু চুলিৰ উজ্জ্বলতা, সজীৱতা বঢ়াবলৈ নিয়মিতভাৱে পালেং শাক খালে যথেষ্ট কাৰ্যকৰী ফল পোৱা যায়৷ আমি সাধাৰণতে পালেং শাক চালাড, সিদ্ধ কৰি অথবা ৰান্ধিহে খাওঁ৷ কিন্তু কেতিয়াবা পালেং শাকৰ জুচ খাই পাইছেনে? পালেং শাকৰ জুচত প্ৰচুৰ পৰিমাণে এণ্টিঅক্সিডেণ্ট থাকে৷ নিয়মিতভাৱে পালেং শাকৰ জুচ বনাই সেৱন কৰিলে আপোনাৰ যৌৱন ধৰি ৰখাত সহায় কৰিব৷ সেয়ে আজীৱন যৌৱন ধৰি ৰাখিবলৈ তথা যৌৱনপ্ৰাপ্ত হৈ থাকিবলৈ নিয়মিত পালেং শাকৰ জুচ খোৱাৰ অভ্যাস কৰক৷ ইয়াৰ উপৰি প্ৰতিদিনে পালেং শাকৰ জুচ সেৱন কৰাৰা ফলত মেদবহুলতাৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাব৷ শৰীৰৰ মেদ বা চৰ্বি কমোৱাত এই জুচে মেডিচিনৰ দৰে কাম কৰে৷ আনহাতে পালেং শাকৰ জুচ ডায়েবেটিছ ৰোগী আৰু হাঁপানিত ৰোগত ভোগাসকলৰ বাবে বেছ কাৰ্যকৰী৷ ইয়াৰ বাবে প্ৰথমে মিক্লাৰ ব্লেণ্ডাৰত এমুঠিমান পালেং শাক, আদাৰ সৰু টুকুৰা অলপ পানীৰে সৈতে ব্লেণ্ড কৰক৷ এইখিনি সম্পূৰ্ণ মিহলি হোৱাৰ পাছত এটা কাচৰ গ্লাছত ঢালি লৈ তাত অলপ নেমু ৰস মিহলি কৰি লওক৷ প্ৰতিদিনে পুৱা এইদৰে প্ৰস্তুত কৰা জুচ সেৱন কৰিলে আজীৱন যৌৱনৰ সোৱাদ পাব আৰু আপোনাৰ যৌন শক্তি বৃদ্ধি পাব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here