মৃগী(epilepsy) ৰোগ কি?

0
1896

মৃগী ৰোগ হৈছে এক স্নায়ুজনিত ৰোগ, যি মস্তিষ্কৰ অস্বাভাৱিক অৱস্থাৰ ফলত হয়৷ এনে ৰোগী সাধাৰণ অৱস্থাত আন মানুহৰ দৰে থাকে, কিন্তু ৰোগটো হোৱাৰ লগে লগে ৰোগীজন অজ্ঞান হৈ পৰে আৰু মাটিত পৰি ছটফটাবলৈ ধৰে৷ মৃগী ৰোগ হোৱাৰ কাৰণ বহুত থাকিব পাৰে৷ যেনে– বিদ্যুতৰ শ্বক লগা, নিচাজাতীয় দ্ৰব্য অধিক সেৱন, মূৰত যিকোনো ধৰণৰ আঘাত পোৱা, তীব্ৰ জ্বৰ, অধিক মানসিক অশান্তি ইত্যাদি৷ ইয়াৰ উপৰি মস্তিষ্কৰ কোষৰ পৰা আকস্মিকভাৱে ওলোৱা উচ্চ ক্ষমতাসম্পন্ন তৰংগই শৰীৰত মৃগীৰ লক্ষণসমূহ পৰিস্ফুট কৰি তোলে৷ এই ৰোগৰ লক্ষণসমূহ হ’ল– শৰীৰৰ যিকোনো অংশত কঁপনি উঠি আন অংশলৈ বিস্তাৰিত হয়৷ বহু সময়ত এনে ৰোগী অজ্ঞান হৈ পৰি যায়, মুখেৰে ফেন ওলায়, জিভা কাটি যায়; আনকি কিছুমানে মল-মূত্ৰও ত্যাগ কৰে৷ কেতিয়াবা ৰোগীয়ে বুকু বা পেটৰ ভিতৰত কিছুমান অনুভূতি অনুমান কৰে৷ কেতিয়াবা হঠাতে বুকু ধপধপাই, নাড়ীৰ স্পন্দন খৰতকীয়া হয়, গাৰ নোম ডাল ডাল হয়৷ তদুপৰি কেতিয়াবা পেটৰ বিষৰ অনুভূতিও মৃগী ৰোগৰ লক্ষণ হ’ব পাৰে৷ মৃগীৰ লক্ষণ হিচাপে ৰোগীয়ে হঠাতে কথা ক’ব নোৱৰা হয়৷ মাজে মাজে ৰোগীৰ দৃষ্টি বিভ্ৰমো হয়৷ যেনে– সন্মুখত দেখি থকা বস্তুবোৰ ক্ৰমান্বয়ে সৰু হৈ দূৰলৈ গুচি যোৱা যেন লাগে৷ কেতিয়াবা দৃশ্যমান বস্তুবোৰ একা-বেঁকা হয়৷ তেনেকুৱা হ’লে মৃগী ৰোগত আক্ৰান্ত ৰোগীক বল প্ৰয়োগ কৰি নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিব নালাগে৷ ৰোগীৰ উশাহ ল’বলৈ যাতে অলপো কষ্ট নহয়, তাৰ বাবে পোছাকযোৰ ঢিলা কৰি দিব লাগে৷ এই ৰোগ হোৱাৰ সময়ত ব্যক্তিজনৰ মুখত কোনো বস্তু বা খাদ্য ভৰাই দিব নালাগে৷ কাৰণ সেয়া ৰোগীজনৰ হাওঁফাওঁলৈ সোমাই গৈ মৃত্যুপৰ্যন্ত হ’ব পাৰে৷ ৰোগীজনক তৎক্ষণাৎ বাওঁফালে শুবাই দি থু, বমি বাহিৰ কৰি দিব লাগে৷ অন্যথা ৰোগীজনৰ শ্বাস-প্ৰশ্বাসত অসুবিধা হ’ব পাৰে৷ যদিহে ব্যক্তিজনৰ ছিজাৰ পাঁচ মিনিটতকৈ বেছিকৈ থাকে, নাইবা প্ৰথমটোৰ ঠিক পাছতে যদি আকৌ এবাৰ উক দিয়ে, তেন্তে ততালিকে চিকিৎসকৰ ওচৰলৈ নিব লাগে৷ লাজ বা সংকোচ কৰি মৃগী ৰোগ লুকুৱাই ৰাখিব নালাগে৷ ৰোগ দেখা দিয়াৰ লগে লগে চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে৷ এনে ৰোগত ভোগা ব্যক্তিৰ যিহেতু সময়মতে টোপনিৰ দৰকাৰ, গতিকে তেনে ব্যক্তি নৈশ ভ্ৰমণ বা নিশা জাগি থকা আদি পৰিত্যাগ কৰিব লাগে৷ এনেদৰে সাৱধানতা অৱলম্বন কৰিলে মৃগী ৰোগৰ ভুগি থকা লোকসকলে যথেষ্ট সকাহ পাব পাৰে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here