সুখবৰ– কৰ’না ভেকচিনৰ তৃতীয় পৰ্যায়ৰ পৰীক্ষা আৰম্ভ

0
1295

বিশ্বজুৰি কৰ’না ভাইৰাছৰ সংক্ৰমণ ধাৰাবাহিকভাৱে অব্যাহত আছে৷ দেশ-বিদেশত কভিড-১৯-অৰ নিৰাময়ক লৈ নানা গৱেষণা তথা পৰীক্ষা-নিৰীক্ষা চলি আছে৷ বিশ্বৰ সকলো দেশেই এইপৰ্যন্ত কৰ’না মহামাৰীৰ প্ৰতিকাৰৰ উপায় উদ্ভাৱনৰ চেষ্টা কৰিছে যদিও সফল হ’ব পৰা নাই৷ শেহতীয়াকৈ ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদ আই চি এম আৰৰ সহযোগত ঔষধ উৎপাদনকাৰী কোম্পানী ভাৰত বায়’টেকে উদ্ভাৱন কৰা কভিড-১৯-অৰ প্ৰতিষেধক ভেকচিন কভেক্সিনৰ তৃতীয় পৰ্যায়ৰ পৰীক্ষা আৰম্ভ হৈছে৷ এই পৰীক্ষাৰ বাবে আলীগড় মুছলিম বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক তাৰিক মনচুৰে প্ৰথমজন স্বেচ্ছাসেৱক হিচাপে নাম পঞ্জীয়ন কৰিছে৷ তৃতীয় পৰ্যায়ৰ পৰীক্ষা চলোৱা হ’ব বিশ্ববিদ্যালয়খনৰ জে এন মেডিকেল কলেজ এণ্ড হস্পিটেলত৷ উপাচাৰ্য মনচুৰে এই পৰীক্ষাত অংশ ল’বলৈ সকলোকে উৎসাহিত কৰে৷ এ এম ইউ-এ কয় যে তৃতীয় পৰ্যায়ত অংশ ল’ব খোজা স্বেচ্ছাসেৱকক আই চি এম আৰৰ নীতি-নিয়ম মতে ভ্ৰমণ বানচ আৰু আন সা-সুবিধা দিয়া হ’ব৷ সমগ্ৰ দেশৰ ২৫টা কেন্দ্ৰত কভেক্সিনৰ তৃতীয় পৰ্যায়ৰ পৰীক্ষা চলোৱা হ’ব আৰু ২৫ হাজাৰ স্বেচ্ছাসেৱকে অংশ ল’ব৷ কৰ’না ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে ভাৰত বায়’টেকৰ এনে পদক্ষেপে জনসাধাৰণৰ মাজত আশাৰ সঞ্চাৰ কৰিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here