ভাৰতত কৰ্কট ৰোগৰ গৱেষণা আৰু চিকিৎসাৰ আগশাৰীৰ প্ৰতিষ্ঠান, মুম্বাইৰ টাটা ইন্ষ্টিটিউটে কৰ্কট ৰোগৰ এনেকুৱা এটা চিকিৎসা আৱিষ্কাৰ কৰা বুলি দাবী কৰিছে যিটোৱে দ্বিতীয়বাৰ কৰ্কট ৰোগ হোৱাটো প্ৰতিৰোধ কৰিব৷ এই বিষয়ত প্ৰতিষ্ঠানটোৰ গৱেষকসকল আৰু চিকিৎসকসকলে ১০ বছৰ কাম কৰিছিল আৰু এতিয়া এটা টেবলেট উদ্ভাৱন কৰিছে তেওঁলোকে দাবী কৰে যে এই টেবলেটটোৱে দ্বিতীয়বাৰৰ বাবে ৰোগীসকলৰ কৰ্কট হোৱাটো প্ৰতিৰোধ কৰিব আৰু লগতে ৰেডিয়েশ্যন আৰু কেম’থেৰাপিৰ দৰে চিকিৎসাৰ পাশ্বৰ্ক্ৰিয়াও ৫০ শতাংশ হ্ৰাস কৰিব৷ টাটা মেম’ৰিয়েল হস্পিটেলৰ কৰ্কট ৰোগৰ এজন শল্য চিকিৎসক আৰু গৱেষক দলটোৰ অন্যতম সদস্য ডাঃ ৰাজেন্দ্ৰ বড়ৱেই টেবলেটটোৱে শৰীৰত কিদৰে কাম কৰে, সেই বিষয়ে এটা টেলিভিছন চেনেলক বিৱৰি কয়৷ এটা টেবলেটৰ দাম হ’ব মাত্ৰ ১০০ টকা৷ পেংক্ৰিয়াছ, হাওঁফাওঁ আৰু মুখ গহ্বৰৰ কৰ্কট ৰোগৰ চিকিৎসাতো এই টেবলেটটোৱে কাম দিব৷ এই টেবলেটটোৱে কৰ্কট ৰোগৰ আন চিকিৎসাৰ পাশ্বৰ্ক্ৰিয়া ৫০ শতাংশ হ্ৰাস কৰিব আৰু দ্বিতীয়বাৰ এই ৰোগ হোৱাটো প্ৰায় ৩০ শতাংশ প্ৰতিৰোধ কৰিব৷ টাটা মেম’ৰিয়েল চেণ্টাৰে এই গৱেষণাটো চলাইছিল৷ উল্লেখ্য যে ডাঃ বড়ৱেক ভাৰত চৰকাৰে ২০১৩ চনত পদ্মশ্ৰীৰে সন্মানিত কৰিছিল৷