ছুগাৰ, কলেষ্টৰেল ঠিকেৰাখিবলৈ পকা তেঁতেলী খাওক

0
945


হূদৰোগত যিসকলে ভুগিছে, ৰক্ত শৰ্কৰাৰ লৈ যিসকলে চিন্তাত পৰিছে নাইবা শৰীৰৰ কলেষ্টৰেলৰ মাত্ৰা বৃদ্ধিক লৈ যিসকলে দীৰ্ঘদিন দুশ্চিন্তা ভুগিছে, গৱেষকে কৈছে তেনে লোকৰ বাবে পকা তেঁতেলী খুব উপকাৰী৷ পকা তেঁতেলী নিয়মিতভাৱে খালে তেনে সমস্যা সহজে সমাধান হ’ব পাৰে৷ তেঁতেলী নিয়মিতভাৱে খালে শৰীৰৰ তেজৰ বিভিন্ন ধৰণে পৰিৱৰ্তন হয়৷ তেঁতেলীত থকা ফোনোলিক যৌগবোৰে কাৰ্ডিঅ’ভাস্কুলাৰ তথা ইমিউনোলজিকেলে স্বাস্থ্যৰ কাৰণে উপকাৰী৷ ইয়াৰ লগতে এণ্টিমাইক্ৰবিয়েল তথা কেঞ্চাৰৰ বিৰুদ্ধে কৰা কাৰ্যকলাপত সুনিৰ্দিষ্ট ভূমিকা পালন কৰে৷ তেঁতেলীয়ে মানুহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়াই তোলে৷ আনহাতে লিভাৰ আৰু হাৰ্টক ৰোগমুক্ত কৰি ৰাখিবলৈ তেঁতেলী অত্যন্ত উপকাৰী৷ তেঁতেলীত প্ৰচুৰ পৰিমাণে ফাইবাৰ পোৱা যায়, বিপৰীতে তেঁতেলীত চৰ্বি একেবাৰে নাথাকে৷ গৱেষণাত পোৱা গৈছে যে প্ৰতিদিন তেঁতেলী খালে খৰতকীয়াকৈ শৰীৰৰ ওজন হ্ৰাস কৰাত সহায় কৰে৷ ইয়াত অন্যতম কাৰণ হিচাপে তেঁতেলীত ফ্লেভোনয়েড আৰু পলিফেনল নামৰ দুবিধ উপাদান থাকে৷ এজন সুস্থ মানুহে দৈনিক ১০-২০ গ্ৰাম তেঁতেলী খোৱা উচিত৷ আনহাতে তেঁতেলী অতিৰিক্ত পৰিমাণে খালে ফ্লোৰাইড পানী বা অন্য উৎসৰ মাধ্যমৰ খোৱাৰ বাবে শৰীৰত বিৰূপ প্ৰভাৱ পৰিব পাৰে৷ ফ্লৰোছিছৰ দৰে স্বাস্থ্যজনিত সমস্যা হ’ব পাৰে, বিশেষকৈ শিশুসকলৰ মাজত৷ গৱেষণাত পোৱা মতে অত্যধিক বা লগাতকৈ বেছি পৰিমাণে তেঁতেলী খোৱাৰ ফলত শৰীৰৰ তেজ পাতল হৈ যাব পাৰে. ইয়াৰ লগতে তেজৰ শৰ্কৰাৰ পৰিমাণ কমি যাবও পাৰে৷ আনকি ৰক্তক্ষৰণো আৰম্ভ হ’ব পাৰে৷ নিয়মমাফিক তেঁতেলী খোৱা সন্দৰ্ভত যাদৱপুৰ বিশ্ববিদ্যালয়ৰ অধ্যাপক তথা গৱেষক ড॰ প্ৰশান্ত কুমাৰ বিশ্বাসে জনোৱা মতে তেঁতেলী নিয়মিতভাৱে পৰিমাণ মতে খালে মানুহৰ হূদযন্ত্ৰ তথা তেজৰ বিভিন্ন সমস্যা দূহ হয়৷ তেঁতেলীত টাৰটৰিক এচিড বেছি পৰিমাণে থাকে, যিয়ে অতিৰিক্ত পৰিমাণৰ খালে হজমৰ সমস্যা হ’ব পাৰে৷ তেঁতেলী অতিৰিক্ত খোৱাৰ ফলত এচিডৰ প্ৰভাৱৰ কাৰণে পেটৰ নানা সমস্যা ডায়েৰিয়া, পেট ফুলা আদি হ’ব পাৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here