মাত কিয় ভাঙে?

0
2060

মানুহৰ কথা-বতৰাতে ব্যক্তি এজনৰ ব্যক্তিত্ব প্ৰকাশ পায়৷ নাক-মুখ, চুলিৰ লগতে কণ্ঠস্বৰো হৈছে ব্যক্তি এজনৰ আকৰ্ষণৰ মুখ্য কেন্দ্ৰবিন্দু৷ সকলো ব্যক্তিয়ে এটা সুন্দৰ কণ্ঠৰ গৰাকী হ’বলৈ বিচাৰে৷ কিন্তু কেতিয়াবা বিভিন্ন কাৰণবশতঃ মানুহৰ মাত ভাঙিব পাৰে৷ বহুতৰে দৃষ্টিত মাত ভঙাটো এটা সৰু সমস্যা যদিও এই সমস্যা সোনকালে নিৰাময় নহ’লে চিকিৎসকৰ ওচৰ চাপিব লাগে৷ সাধাৰণতে বৰকৈ ঠাণ্ডা লাগিলে বা চৰ্দি লাগিলে মাত ভঙা দেখা যায়৷ ইয়াৰ উপৰি টোপনি খতি কৰিলে, জোৰকৈ চিঞৰিলে, বেছিকৈ কেহা বস্তু খালে বা দীঘলীয়াকৈ বক্তৃতা দিলেও মাত ভাঙিব পাৰে৷ মাত ভাঙিলে ডিঙি চেৰচেৰাই আৰু বিষ অনুভৱ হয়৷ কথা ক’বলৈ অসুবিধা হোৱাৰ লগতে অস্পষ্ট হয়৷ ইয়াৰ প্ৰতিকাৰ স্বৰূপে–

(১) একাপ গৰম পানীত নিমখ মিহলাই গাৰ্গল কৰিলে সুফল পোৱা যায়৷
(২) কেঁচা হালধিৰ ৰস চেনিৰ সৈতে মিহলি কৰি খালে আৰোগ্য লাভ কৰিব পাৰি৷
(৩) গৰম পানীত লঙৰ গুৰি মিহলি কৰি গাৰ্গল কৰিলে উপকৃত হোৱা যায়৷
(৪) আদাৰ ৰসৰ লগত মৌজোল মিহলাই খালেও উপকাৰ পোৱা যায়৷
(৫) ভোমোৰাচূৰ্ণ গৰুৰ ঘিউত ভাজি খাব লাগে৷
(৬) তুলসী পাতৰ ৰস, চেনি ফিটকিৰি, ভিনেগাৰ আৰু পানী একেলগে মিহলি কৰি গাৰ্গল কৰিব লাগে৷ এই মিশ্ৰণে মাত ভঙা দূৰ কৰাৰ লগতে বন্ধ নাক খোলাত সহায় কৰে৷
(৭) মাত ভাঙিলে বেছি জোৰত চিঞৰিব নালাগে, গ’লত কাপোৰ মেৰিয়াই ৰখাটো ভাল৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here