ত্ৰিকোণাসন কিয় কৰিব লাগে?

0
1088

দৈনন্দিন কৰ্মময় জীৱনত আমি কামৰ মাজত ইমানেই ব্যস্ত হৈ গৈছোঁ যে আমাৰ স্বাস্থ্যৰ যতন ল’বলৈও যেন সময় নোহোৱা হৈছে৷ যাৰ পৰিণতিত মানসিক চাপ, দুশ্চিন্তা আদি বৃদ্ধি পাবলৈ ধৰিছে৷ ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ আটাইতকৈ উপযুক্ত উপায় হৈছে ত্ৰিকোণাসন৷ আটাইতকৈ সহজ আসনসমূহৰ ভিতৰত এই আসন অন্যতম৷ এই আসন কৰিবলৈ প্ৰথমে পোন হৈ থিয় হ’ব লাগিব৷ তাৰ পাছত দুয়োখন ভৰি লাহে লাহে পৃথক কৰি সোঁভৰিখন ৯০ ডিগ্ৰীলৈ মেলি দিব লাগিব আৰু বাঁওভৰিখন ১৫ ডিগ্ৰী কোণত ৰাখিব লাগিব৷ সেই অৱস্থানতে দেহৰ গোটেই ভাৰসাম্য ৰাখিব লাগিব৷ ইয়াৰ পাছত উশাহ দীঘলীয়াকৈ ল’ব লাগে৷ উশাহ এৰাৰ লগে লগে শৰীৰৰ সোঁফালে অলপ হাওলাই দিব লাগে, বাঁওফালৰ হাতখন ওপৰলৈ উঠাই দি সোঁহাতখনেৰে মাটি স্পৰ্শ কৰিব লাগে৷ লক্ষ্য ৰাখিব লাগে যাতে দুয়োখন হাতৰ বাহু পোন হৈ থাকে৷ চকুৰ দৃষ্টি ওপৰৰ হাতখনলৈ কৰিব লাগে৷ অনুৰূপ ধৰণে বিপৰীত ফালেও একে ধৰণে কৰিব লাগে৷ এই আসন কৰিলে কৰঙণ, আঁঠু, ভৰিৰ অংশ মজবুত হয়৷ কঁকালৰ বিষ নিৰাময় কৰে৷ হজম শক্তি বৃদ্ধি কৰে৷ শৰীৰক শক্তি আৰু ভাৰসাম্য ৰক্ষা কৰে৷ মানসিক চাপ দূৰ কৰে৷ কামত মনোযোগ বৃদ্ধি কৰে৷ শৰীৰৰ চৰ্বি কমোৱাত সহায় কৰে৷ আনহাতে নিম্ন বা উচ্ছ ৰক্তচাপ থকা লোকে এই আসন কৰিব নালাগে৷ মাইগ্ৰেন থকা ব্যক্তিয়ে এই আসন নকৰিব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here