আমি সুস্থ-সবল হৈ থাকিবলৈ শৰীৰ আৰু মন দুয়োটাৰে ভূমিকা অনস্বীকাৰ্য৷ আমি ভালে থাকিবলৈ হ’লে শাৰীৰিক আৰু মানসিক উভয়ৰ ক্ষেত্ৰতে সচেতন থাকিব লাগিব৷ শাৰীৰিকভাৱে নিজকে সুস্থ ৰাখিবলৈ যিমান শৰীৰচৰ্চা কৰা হয়, সিমানে স্বাস্থ্যকৰ খাদ্য খোৱাটো মনোযোগ দিব লাগে৷ ঠিক একেদৰে মানসিকভাৱে ভালে থাকিবলৈ প্ৰয়োজন হয় মাইণ্ড ডায়েটৰ৷ মাইণ্ড ডায়েট কৰাৰ ফলত আলঝেইমাৰ ৰোগ বা পাৰ্কিনছন আদি জটিল ৰোগৰ পৰা মুক্ত হৈ থাকিব পাৰি৷
বিভিন্ন সমীক্ষাৰ পৰা জনা গৈছে যে যিসকলে মাইণ্ড ডায়েট মতে খাদ্য গ্ৰহণ কৰে, তেওঁলোকৰ আলঝেইমাৰ জাতীয় ৰোগ হোৱাৰ আশংকা ৫৩ শতাংশ কমি থাকে৷ আনহাতে যিসকলে মাজে-মধ্যে মাইণ্ড ডায়েট মতে খাদ্য গ্ৰহণ কৰে, তেওঁলোকৰ ৩৫ শতাংশ কমে৷ সাধাৰণতে অত্যধিক মিঠাজাতীয় খাদ্য, ফাষ্টফুড, চিজ, মাখন, চৰ্বিযুক্ত খাদ্য, ৰেডমিট জাতীয় খাদ্য আদিৰ পৰিমাণ বেছি হ’লে শৰীৰৰ ডায়েট নিয়ন্ত্ৰণত নাথাকে৷
তদুপৰি খাদ্যত নিমখৰ পৰিমাণ বা ছডিয়াম কমকৈ ৰখাটো ভাল৷ আনহাতে কিছু সেউজীয়া শাক-পাচলি, তৰকাৰী, ফল-মূল, বিশেষকৈ বাদাম, বিন, Blueberry আদিৰ লগতে ব্ৰাউন ৰাইচ, আটা, জোৱাৰ, ওটছ, বাজৰা আদি খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিব লাগে৷ ইয়াৰ উপৰি মাছ, মাংস, কণী, অলিভ অইল আদি পৰ্যাপ্ত মাত্ৰাত খোৱাটো দৰকাৰ৷ যিহেতু শৰীৰ আৰু মন দুয়োটাই এটাৰ আনটোৰ অংগাংগীভাৱে জড়িত৷ এইদৰে আমি শৰীৰটো সুস্থ কৰি ৰখাৰ লগতে মনটোকো সুস্থ-সবল আৰু শক্তিশালী কৰি ৰাখিব পাৰোঁ৷ কাৰণ শৰীৰ সুস্থ হৈ থাকিলেহে মনটোও সুস্থ হ’ব৷