ভিটামিন-ই কেপছুলৰ আছেযৌৱন ধৰি ৰখাৰ মন্ত্ৰ

0
150


সুন্দৰ হ’বলৈ কোনেনো হাবিয়াস নকৰে৷ সেয়ে সুন্দৰ, দেখনিয়াৰ হ’বলৈ বিশেষকৈ মুখৰ সৌন্দৰ্যতা বঢ়াবলৈ বিভিন্ন নামী-দামী প্ৰডাক্ট, ক্ৰিম আদি ব্যৱহাৰ কৰে৷ এইদৰে বহু টকা খৰচ কৰিও কিন্তু সুফল নাপায়৷ কিন্তু এনে এবিধ কেপছুল আছে, যাক কম খৰচতে ব্যৱহাৰ কৰি মুক্ত পাব পাৰে ছালৰ বিভিন্ন সমস্যাৰ পৰা তথা বঢ়াই তুলিব পাৰে মুখৰ উজ্জ্বলতা৷ এই কেপছুলবিধ কম খৰচৰে অতি সহজে ফামাৰ্চীবোৰত পোৱা যায়৷ এইবিধ কেপছুল হ’ল ভিটামিন-ই৷ নিয়মমাফিক ভিটামিন-ই টেবলেট ছালৰ ব্যৱহাৰ কৰিলে ভাল ফল পোৱা যায়৷ এই কেপছুলে ছালৰ বিভিন্ন ধৰণৰ সমস্যা যেনে ব্ৰুন, শালমইনা, ছালৰ দাগ, ছালৰ ৰুক্ষতা তথা শুষ্ক ছালৰ বাবে ব্যৱহাৰ কৰিলে ছালৰ উজ্জ্বলতা বৃদ্ধি কৰাৰ লগতে ছালৰ সুন্দৰতা ঘূৰাই আনে৷ ব্ৰুন হোৱাৰ সময়ত মুখত যদি দাগৰ সৃষ্টি হয়৷ তেনেহ’লে ৰাতি শোৱাৰ আগতে ভিটামিন-ই কেপছুলৰ জেলখিনি উলিয়াই ব্ৰুনৰ দাগৰ লগাই থওক৷ এই কেপছুলত আছে প্ৰচুৰ পৰিমাণে এণ্টিঅক্সিডেণ্ট, যিয়ে ছালৰ মৃত কোষবোৰ আঁতৰাই দাগ নোহোৱা কৰি ছালখন উজ্জ্বল কৰি তোলে৷ সাধাৰণতে বহুত ক্ষেত্ৰতে চকুত তলত ক’লা দাগ পৰা দেখা যায়৷ এই ক্ষেত্ৰত এই দাগ নোহোৱা কৰিবলৈ উক্ত ঠাইত ভিটামিন-ই কেপছুল ব্যৱহাৰ কৰিলে সহজে উপশম পোৱা যায়৷ অৰ্থাৎ ডাৰ্ক চাৰ্কোল নাইকিয়া কৰিবলৈ ভিটামিন-ই কেপছুল যথেষ্ট কাৰ্যকৰী৷ এটা পাত্ৰত দুচামুচ দৈ, কেইফোটামান নেমুৰ ৰস আৰু ভিটামিন-ই কেপছুল মিহলাই এটা পেক প্ৰস্তুত কৰক৷ এই পেকটো ভালদৰে মুখত লগাই দিব৷ কেইমিনিটমান এইদৰে থকাৰ পাছত ঠাণ্ডা পানীৰে মুখখন ধুই দিয়ক৷ সপ্তাহত দুবাৰকৈ এই মিশ্ৰণটো মুখ লগাওক৷ ইয়াৰ ফলত আপোনাৰ মুখৰ পুষ্টি যোগান ধৰাৰ লগতে মুখৰ উজ্জ্বলতা, মসৃণতা কেইবাগুণে বৃদ্ধি পাব৷ ইয়াৰ উপৰি শুষ্ক ছাল তথা মুখৰ ছালখনৰ টান টান ভাব থাকিলে ভিটামিন-ই কেপছুলৰ লগত এচামুচ মৌ, দুচামুচ গাখীৰ মিহলাই এটা মিশ্ৰণ তৈয়াৰ কৰক৷ এই মিশ্ৰণটো মুখত লগাই কেইমিনিটমান এইগৰে ৰাখি পাছত পৰিষ্কাৰ পানীৰে ধুই দিয়ক৷ এসপ্তাহ এই মিশ্ৰণটো ব্যৱহাৰ কৰিলে নিজেই ইয়াৰ ফলাফল দেখিব পাৰিব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here