ভাৰতত চৰম দাৰিদ্ৰ্য ২০১১ চনতকৈ ২০১৯ চনত ১২.৩ শতাংশ কমে৷ দেশখনত দাৰিদ্ৰ্যৰ হাৰ ২০১১ চনত আছিল ২২.৫ শতাংশ আৰু ২০১৯ চনত ১০.২ শতাংশলৈ হ্ৰাস পায়৷ তুলনামূলকভাৱে গ্ৰামাঞ্চলবোৰত দাৰিদ্ৰ্য যথেষ্ট হ্ৰাস পায়৷
বিশ্ব বেংকৰ এখন প্ৰতিবেদনত এই কথা কোৱা হৈছে৷ উল্লেখ্য যে ভাৰতত চৰম দাৰিদ্ৰ্য প্ৰায় নিৰ্মূল হোৱা বুলি আন্তঃৰাষ্ট্ৰীয় বিত্ত নিধি চমুকৈ আই এম এফ-এ অলপতে প্ৰকাশ কৰাৰ ঠিক পাছতে বিশ্ব বেংকেও একে কথাকে কয়৷ আই এম এফে কৈছিল যে ভাৰতে চৰকাৰী খাদ্য যোগান আঁচনিবোৰৰ যোগেদি খাদ্য অসমতা ৪০ বছৰত সৰ্বনিম্ন পৰ্যায়লৈ আনিবলৈ সক্ষম হৈছে৷
বিশ্ব বেংকৰ পলিচি ৰিছাৰ্চৰ এখন ৱৰ্কিং পেপাৰত কোৱা হৈছে যে ভাৰতৰ নগৰাঞ্চলবোৰৰ তুলনাত গ্ৰাম্য অঞ্চলবোৰত দাৰিদ্ৰ্য হ্ৰাস পোৱাটো বেছি৷ গ্ৰাম্য অঞ্চলবোৰত দাৰিদ্ৰ্য ২০১১ চনত আছিল ২৬'৩ আৰু ২০১৯ চনত ১১.৬ শতাংশলৈ কমে৷
আনহাতে একে সময়ছোৱাত নগৰাঞ্চলবোৰত দাৰিদ্ৰ্য ১৪.২ শতাংশৰ পৰা ৬.৩ শতাংশলৈ কমে৷ ২০১১-২০১৯ চনৰ ভিতৰত গ্ৰাম্য আৰু নগৰ অঞ্চলবোৰত দাৰিদ্ৰ্য ক্ৰমে ১৪.৭ শতাংশ আৰু ৭’৯ শতাংশ কমে৷
অৱশ্যে ৱৰ্কিং পেপাৰখনত কোৱা হৈছে, ভাৰতত বিগত দশকটোত দাৰিদ্ৰ্য হ্ৰাস পাইছে যদিও পূৰ্বতে ভবাৰ দৰে বৰ বেছি নহয়৷ পেপাৰখন যুটীয়াভাৱে লিখিছে অৰ্থনীতিবিদ সুতীৰ্থ সিনহা ৰয় আৰু ৰয় ভান ডাৰ ৱেইডে৷