ভাৰতত কৰ’নাৰ গণ সংক্ৰমণৰ আশংকা

0
1142

লগতে চাওক- Alcoholics Anonymous Assam-অৰ উদ্যোগত ২০ মাৰ্চত আয়োজিত আলোচনাচক্ৰ

https://www.facebook.com/plugins/video.php?height=314&href=https%3A%2F%2Fwww.facebook.com%2FNewsHealthplus%2Fvideos%2F456410472456578%2F&show_text=false&width=560

দেশত কৰ’না ভাইৰাছৰ সংক্ৰমণৰ দ্বিতীয়টো ঢৌৱে ভয়াৱহ ৰূপ ধাৰণ কৰিছে৷ কৰ’নাৰ সংক্ৰমণৰ দ্বিতীয়টো ঢৌক নিয়ন্ত্ৰণ কৰিবলৈ দেশৰ বিভিন্ন ৰাজ্যৰ নগৰ-মহানগৰসমূহত লকডাউন, নৈশ সান্ধ্য আইনৰ দৰে নিষেধাজ্ঞা আৰোপ কৰা হৈছে৷ ভাৰতত কালি বছৰটোৰ ভিতৰত সৰ্বাধিকসংখ্যক লোকৰ দেহলৈ সংক্ৰমণ ঘটিছে৷ কালি অভিলেখসংখ্যক ৯৩,২৪৯জন লোক এই ৰোগত আক্ৰান্ত হৈছে৷ আনহাতে কালি কৰ’না সংক্ৰমণ হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৫১৩লৈ বৃদ্ধি পালে৷ ইয়াৰ পূৰ্বে যোৱা বৰ্ষৰ ১৯ ছেপ্টেম্বৰত দেশত এদিনত আক্ৰান্ত লোকৰ সংখ্যা আছিল ৯৩,৩৩৭৷ এইদৰে দৈনিক সংক্ৰমণৰ সংখ্যা বৃদ্ধিয়ে বাৰুকৈয়ে চিন্তিত কৰি তুলিছে কেন্দ্ৰীয় চৰকাৰক৷ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ৰ তথ্য মতে দেশত একাধাৰে ২৫ সংখ্যক দিনলৈ সংক্ৰমণ বৃদ্ধি পাইছে৷ দেশত এই ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকা ৰোগীৰ সংখ্যা ৬,১৯,৫৯৭লৈ বৃদ্ধি পালে৷ ভাৰতত এইপৰ্যন্ত মুঠ ১.২৪ কোটি লোক কৰ’নাত আক্ৰান্ত হৈছে আৰু ১.৬৪ লাখ লোকৰ মৃত্যু হৈছে৷ উল্লেখ্য যে দেশৰ ভিতৰত সৰ্বাধিকসংখ্যক লোক এই ৰোগত আক্ৰান্ত হৈছে মহাৰাষ্ট্ৰ আৰু পঞ্জাবত৷ কেন্দ্ৰই প্ৰকাশ কৰা তথ্য অনুসৰি, দেশৰ ভিতৰত কৰ’নাত আক্ৰান্ত আটাইতকৈ শীৰ্ষ শোচনীয় দহ জিলাৰ ভিতৰত ৮খন জিলাই হৈছে মহাৰাষ্ট্ৰৰ৷ উল্লেখ্য যে মহাৰাষ্ট্ৰ, কৰ্ণাটক, পঞ্জাব, তামিলনাডু, ছট্টিশগড়, মধ্যপ্ৰদেশ, উত্তৰ প্ৰদেশ এই আঠ ৰাজ্যৰ দৈনিক সংক্ৰমণৰ হাৰ হৈছে ৮১.৪২ শতাংশ৷ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ৰ এক সূত্ৰই এই কথা প্ৰকাশ কৰিছে৷

আনহাতে, দিল্লীৰ সৰ্বভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠান চমুকৈ এইম্‌ছৰ সঞ্চালক ডাঃ ৰণদীপ গুলেৰিয়াই কয় যে সুৰক্ষামূলক ব্যৱস্থা লোৱাত শিথিলতা আৰু কভিডৰ এটা বেছি সংক্ৰামক ৰূপৰ কাৰণে দেশখনত দ্ৰুত বৃদ্ধি পোৱা কভিডৰ সংক্ৰমণৰ বিৰুদ্ধে যুঁজিবলৈ এটা নতুন কৌশলৰ প্ৰয়োজন৷ চৰকাৰৰ কভিড টাস্ক ফ’ৰ্চৰো এজন আগশাৰীৰ সদস্য ডাঃ গুলেৰিয়াই কয় যে দেশখনত এতিয়া কৰ’না ভাইৰাছৰ গণ সংক্ৰমণ হৈছে আৰু সেইটো নিয়ন্ত্ৰণ কৰিব নোৱৰালে দেশৰ স্বাস্থ্য সেৱা ব্যৱস্থা ভাগি পৰিব৷ ডাঃ গুলেৰিয়াই কয়, ‘সংক্ৰমণ হোৱা লোকৰ সংখ্যা কমাবলৈ আমি কণ্টেইনমেণ্ট জ’ন, লকডাউন এৰিয়া, পৰীক্ষা বৃদ্ধি, সন্ধান উলিওৱা আৰু আছুতীয়াকৈ ৰখাকে ধৰি কিছুমান ব্যৱস্থাৰ যোগেদি জোৰদাৰ কাম কৰিব লাগিব৷’ তেওঁ লগতে সংক্ৰমণ বিয়পাটো নিয়ন্ত্ৰণ কৰিবলৈ যিবোৰ অঞ্চলত প্ৰয়োজন সেইবোৰত ‘মাইক্ৰ’ লকডাউন’ৰ পৰামৰ্শ দিয়ে৷

আৰু পঢ়ক-অহা ৯ এপ্ৰিলৰ পৰা মহাৰাষ্ট্ৰত সাপ্তাহান্তিক লকডাউন https://newshealthplus.com/wp-admin/post.php?post=3555&action=edit

LEAVE A REPLY

Please enter your comment!
Please enter your name here