Papaya Ice Facial– ঘৰতে পাওক পাৰ্লাৰৰ দৰে উজ্জ্বলতা

0
1896

লগতে চাওক-কি বিশেষ পৰিস্থিতিত হালধিযুক্ত গাখীৰ বেয়া?

https://fb.watch/4GLq-AG36M/

গৰমৰ দিনত সূৰ্যৰ প্ৰখৰ তাপৰ বাবে আমাৰ ছালখনৰ বিভিন্ন সমস্যাই দেখা দিয়ে৷ ছানবাৰ্ন, টেনিঙৰ ফলত আপোনাৰ ছালখনৰ উজ্জ্বলতা হেৰাই গৈছে নেকি? এতিয়া আৰু চিন্তা নাই৷ মাত্ৰ ১০ মিনিটত আপুনি আপোনাৰ ছালখনৰ উজ্জ্বলতা পুনৰ লাভ কৰিব পাৰিব৷ আৰু এই বিশেষ ৰামবাণবিধ হৈছে Papaya Ice Facial৷ গৰমৰ দিনত ই ছালখনক হাইড্ৰেট কৰি ৰখাটো সহায় কৰে৷ এই Papaya Ice Facial কৰিবলৈ আপুনি অমিতাৰে তৈয়াৰী কেইটামান Ice cube বনাই ল’ব লাগিব৷ ইয়াৰ বাবে আপোনাক লাগিব অমিতা, গোলাপ জল, মৌ আৰু হালধি৷ প্ৰথমে অমিতাটো টুকুৰা টুকুৰকৈ কাটি তাৰ এটা পেষ্ট তৈয়াৰ কৰি লওক৷ এতিয়া এই পেষ্টখিনিত অলপ গোলাপ জল, মৌ আৰু হালধি মিহলাই দিয়ক৷ এই গোটেইখিনিক একেলগে মিহলাই মিশ্ৰণখিনি আইচ ট্ৰেট ৰাখি ফ্ৰিজাৰট অলপ সময় Ice cube হ’বলৈ ৰাখি দিয়ক৷

?Papaya ice cubes for skin whitening and Fruitful Skin Renewal -

কেনেকৈ ব্যৱহাৰ কৰিব :
মিশ্ৰণখিনি Ice cubeলৈ পৰিৱৰ্তন হৈ যোৱাৰ পাছতে ইয়াক আপুনি ব্যৱহাৰ কৰিব পাৰিব৷ এই Ice cube ব্যৱহাৰ কৰাৰ আগতে মুখখন ভালকৈ ফেশ্বৱাচেৰে ধুই লওক৷ এতিয়া ইয়াৰে Papaya Ice cube এটা এখন কপাহৰ ৰুমালত বান্ধি লৈ লাহে লাহে চাৰ্কুলাৰ মোশ্যনত মুখখন মাচাজ কৰক৷ Ice cube ব্যৱহাৰ কৰাৰ পাছত মুখখনত ট’নাৰ ব্যৱহাৰ কৰাটো প্ৰয়োজনীয়৷

टैनिंग को दूर करता है Papaya Ice Facial | तंदरुस्ताये नमः

যদি আপোনাৰ ছালখন শুকান হয়, তেন্তে Ice cube লগোৱাৰ পাছত প্ৰথমে ট’নাৰ লগাব, তাৰ পাছত মইশ্বৰাইজাৰেৰে মাচাজ কৰিব আৰু যদি আপোনাৰ নৰ্মেল স্কিন হয়, তেন্তে এই ফেচিয়েলৰ পাছত ট’নাৰ ব্যৱহাৰ কৰি উঠি এলোভেৰা জেল লগালে সুফল লাভ কৰিব৷ গৰমৰ দিনত যদি আপুনি অতিকমেও এসপ্তাহ এই ৰুটিন ব্যৱহাৰ কৰে, তেন্তে নিশ্চয় ছালৰ উজ্জ্বলতাৰ পাৰ্থক্য আপুনি নিজেই গম পাব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here