শাৰীৰিক বিভিন্ন অসুবিধা আহিলে চিকিৎসক, পুষ্টিবিদে ভাতৰ সলনি ৰুটী খাবলৈ পৰামৰ্শ দিয়ে৷ আচলতে ভাতৰ সলনি ৰুটী খালে কি লাভালাভ হয়৷ কিয়নো দুয়োটাইতো শৰ্কৰাজাতীয় খাদ্য৷ ভাতৰ সলনি ৰুটী খালে সঁচাকৈয়ে ডায়েবেটিছ আদিৰ দৰে ৰোগৰ পৰা হাত সাৰিব পাৰি নেকি? অথবা শৰীৰৰ ওজন হ্ৰাসত ৰুটীয়ে অৱদান আগবঢ়ায় নেকি ইত্যাদি বিভিন্ন প্ৰশ্ন মনলৈ আহে৷ মূলতঃ ভাত আৰু ৰুটী দুয়োটাই কিন্তু শৰ্কৰাসমৃদ্ধ খাদ্য৷ সকলো শৰ্কৰা খোৱাৰ ফলত পৰিপাকতন্ত্ৰত হৈ ভাঙে৷ তাৰ পৰা তেজত গ্লুকজ বা মনোছেকাৰাইড হিচাপে শোষিত হয়৷সেই গ্লুকজ হ’ল আমাৰ শৰীৰৰ মূল চালিকা শক্তি৷ শৰীৰৰ প্ৰায় প্ৰতিটো শাৰীৰবৃত্তীয় কামত গ্লুকজৰ দৰকাৰ হয়৷ প্ৰতিজন ব্যক্তিৰ বডি মাছ ইনডেক্স উচ্চতা অনুসৰি ওজন হোৱা স্বাভাৱিক৷ অপেক্ষাকৃত কম হ’লেও শৰীৰৰ মধ্যভাগত চৰ্বি জমা হ’লে সকলো ক্ষতিৰ মূল কাৰণ৷ বিজ্ঞানীয়ে এইধৰণৰ শৰীৰক আপেল সেপড বডি বোলে৷ অৰ্থাৎ মধ্যভাগ স্ফীত৷ আন একধৰণৰ শৰীৰ য’ত বাহু কান্ধ হাত ভৰি স্থূলতা দ্ৰুতভাৱে বাঢ়ে, ডায়েবেটিছ, হাইপাৰটেনশ্যন, হূদৰোগ আদিয়ে সহজে পায়৷ সেয়ে শৰ্কৰা অত্যাৱশ্যকীয় উপাদান হ’লেও পৰিমিত পৰিমাণে খোৱাটো উচিত৷ যি শৰ্কৰাৰ অপেক্ষাকৃত গ্লুকজ কম উৎপন্ন হয়, সেইটোৱে আদৰ্শ তথা গ্ৰহণীয় হিচাপে কোৱা হয়৷ ৰুটীৰ গুণাগুণ বিবেচনা কৰিলে ই প্ৰধানতঃ ফাইবাৰ সমৃদ্ধ৷ তদুপৰি ৰুটী খালে দীৰ্ঘসময় ধৰি শৰীৰ তৃপ্ত হৈ থাকে৷ ইয়াৰ উপৰি ৰুটীত প্ৰচুৰ পৰিমাণে কেলচিয়াম, মেগনেচিয়াম, ফচফৰাছ, ছডিয়াম আদি পোৱা যায়৷ ভাতৰ দৰে ই তেজৰ শৰ্কৰাৰ মাত্ৰা দ্ৰুততৰ বঢ়াই নিদিয়ে৷ ৰুটী যদি খায়, তেন্তে ময়দাৰ ৰুটী কেতিয়াও খাব নালাগে৷ আটাৰ ৰুটীয়ে খোৱা উচিত৷ আনহাতে ঘেঁহু, জোৱাৰ, বাৰ্লি ৰুটী খালে যথেষ্ট সুফল পাব পাৰে৷ আকৌ ৰাতি যদি ভাত খোৱা পচন্দ কৰে, তেন্তে ভাতৰ সৈতে একেবাৰে সাধাৰণ খাদ্য খোৱা উচিত৷ নতুবা খিচিৰি বনায়ো খাব পাৰে৷ বজাৰত পোৱা অত্যধিক পলিচ কৰা চাউল খোৱা উচিত নহয়৷ ব্ৰাউন ৰাইচ খাব পাৰিলে শৰীৰৰ বাবে উপকাৰী৷ ৰোগৰ পৰা উপশম পাবলৈ ডায়েটৰ ক্ষেত্ৰত কম পৰিমাণে কাৰ্বহাইড্ৰেটযুক্ত খাদ্য খোৱা ভাল৷ ভাত আৰু ৰুটীৰ পুষ্টিৰ ফালৰ পৰা দেখা যায় দুয়োটাত পোৱা ছডিয়ামৰ পৰিমাণ বেলেগ৷ ভাতকৈ ৰুটীত ছডিয়ামৰ পৰিমাণ বেছি থাকে৷ শাৰীৰিক সুস্থ ৰখাৰ ক্ষেত্ৰত দেখা যায় ৰাতি ভাতৰ পৰিৱৰ্তে ৰুটী খোৱাটো ভাল৷