বৰ্তমান সময়ত হাজাৰ ব্যস্ততাৰ মাজত ৰাতিপুৱা শুই উঠি ব্যায়াম কৰাৰ কাৰো সময় নাথাকে৷ তাৰ মাজতে যদি ৰাতিপুৱা আধাঘণ্টামান সময় উলিয়াই ব্যায়াম কৰা যায়, তেন্তে শৰীৰ সুস্থ হৈ থকাৰ লগতে দিনটোৰ বাবে সতেজ অনুভৱ হ’ব৷ বিশেষকৈ এই যান্ত্ৰিকতাৰে ভৰা কৰ্মময় জীৱনত স্থিৰতা, একাগ্ৰতা আৰু ধৈৰ্যৰ প্ৰয়োজন৷ এনেকুৱা বহু ব্যায়াম, আসন আৰু ধ্যান আছে, যাৰ নিয়মিত অভ্যাসে আমাৰ মনৰ দৃঢ়তা তথা একাগ্ৰতা অটুট ৰখাত সহায় কৰিব পাৰে৷ তাৰে ভিতৰত এটা সহজ আসন হ’ল বৃক্ষাসন৷ বৃক্ষ অৰ্থাৎ গছ ; এই আসনে গছৰ শান্ত তথা স্থিৰ অৱস্থাক সূচায়৷ এই আসন কৰা নিয়ম আছে৷ নিয়মবোৰ পৰ্যায়ক্ৰমে এনেধৰণৰ : প্ৰথমে মানুহজন থিয় হৈ ল’ব লাগে৷ তাৰ পাছত সোঁভৰিখন বাওঁভৰিৰ উৰুত ৰাখিব লাগে, বাওঁভৰিখন পোন কৰি শৰীৰৰ সম্পূৰ্ণ ভাৰসাম্যখিনি ৰাখিব লাগে৷ লাহে লাহে হাত দুখন ওপৰলৈ উঠাই নমস্কাৰ কৰাৰ ভংগীৰে হাত দুখন মূৰৰ ওপৰলৈ উঠাই দিব লাগে৷ মন কৰিব লাগে যাতে হাতদুখন পোন হৈ থাকে৷ তাৰ পাছত লাহে লাহে উশাহ ল’ব লাগে৷ তাৰ পাছত ক্ৰমান্বয়ে হাত দুখন তললৈ নমাই আনি আগৰ অৱস্থালৈ ঘূৰাই আনিব লাগে৷ তেনেকৈ সোঁভৰিখনো উৰুৰ পৰা আঁতৰাই আনি থিয় হ’ব লাগে৷ অনুৰূপ ধৰণে বাওঁভৰিৰ সৈতে একেদৰে এনে কৰিব লাগে৷ এই আসন কৰাৰ ফলত শৰীৰৰ ভাৰসাম্যতা ৰক্ষাত সহায়ক হয়৷ ভৰিৰ পেশী সবল হোৱাৰ লগতে ভৰিৰ ধমনী, সিৰা আৰু স্নায়ু সতেজ আৰু সক্ৰিয় হৈ থাকে৷ উৰুৰ সংযোগস্থলৰ স্থিতিস্থাপকতা বজাই ৰখাত সহায় কৰে৷ কঁকাল আৰু মেৰুদণ্ডৰ শক্তি বৃদ্ধি কৰে৷ বৃক্ষাসনে মগজুৰ স্থিৰতা আৰু সন্তুলন বজাই ৰখাৰ লগতে একাগ্ৰতা বৃদ্ধি কৰাত সহায় কৰে। সেয়েহে আহক, সদায় ৰাতিপুৱা শুই উঠিয়েই অন্য আসনবোৰৰ লগতে বৃক্ষাসন কৰি শৰীৰ সুস্থ আৰু নিৰোগী কৰি ৰাখো।