সাৱধান : ভাৰতত একে সময়তে পাঁচবিধ ভাইৰাছৰ সংক্ৰমণ

0
692


সমগ্ৰ দেশতে ইউফ্লুৱেঞ্জাৰ সংক্ৰমণ ক্ৰমান্বয়ে দ্ৰুতগতিত বাঢ়িছে৷ এটা দুটা নহয়, কমেও পাঁচটা ৰেচপিৰেটৰি ভাইৰাছৰ কাৰণে ভাৰতবৰ্ষত যোৱা পাঁচ মাহত ফ্লুৰ সংক্ৰমণ ভয়াৱহভাৱে বৃদ্ধি হৈছে৷ চিকিৎসকসকলে ২০২২ চনৰ ছেপ্টেম্বৰত ক’ভিডতকৈও পৃথক অগতানুগতিক জ্বৰ, কাহ, পানী লগা হোৱা লক্ষ্য কৰে৷ কিন্তু ইয়াৰে অধিকাংশ লোকৰ ৰোগ নিৰ্ণয় কৰা নহ’ল৷ এতিয়া ধৰা পৰিছে যে ছোৱাইন ফ্লুকে ধৰি কেইবাটাও ৰেচপিৰেটৰি ভাইৰাছৰ সংক্ৰমণৰ কাৰণে মানুহ কাহ, জ্বৰত আক্ৰান্ত হৈছে আৰু চিকিৎসাধীন হ’বলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে, আনকি আক্ৰান্ত ব্যক্তিৰ মৃত্যুপৰ্যন্ত হৈছে৷ চৰকাৰী তথ্যৰ পৰা দেখা গৈছে যে ক’ভিড ভাইৰাছৰ উপৰি এইচৰ এনৰ [ছোৱাইন ফ্লু], এইচ৩ এন২, ইনফ্লুৱেঞ্জা বি ভাইৰাছৰ ঋতুকালীন আৱিৰ্ভাৱ ভিক্টোৰিয়া আৰু য়ামগাটা ভাইৰাছ বিয়পি আছে৷ আনহাতে স্বাস্থ্য বিশেষজ্ঞৰ সূত্ৰে এইচ৩এন২ ভিৰ উপস্থিতিও নুই কৰিব নোৱাৰি৷ এইচ৩এন২ ভাইৰাছ হ’ল ইনফ্লুৱেঞ্জা এ ভাইৰছৰ ছাবটাইপ৷ ক’ভিড আৰু ইনফ্লুৱেঞ্জাৰ দুয়োটাৰ সংক্ৰমণ বৃদ্ধিত কেন্দ্ৰ উদ্বিগ্ন হৈছে আৰু সতৰ্কতামূলক ব্যৱস্থা ল’বলৈ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহলৈ নিৰ্দেশ দিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here