বিশ্বতে প্ৰথম: ডেল্টা ভেৰিয়েণ্টত সংক্ৰমণ হৈ দুটা সিংহৰ মৃত্যু

0
1896
ৰাজ্যত কৰ’নাৰ মাৰাত্মক ডেল্টা ভেৰিয়েণ্টৰ সংহাৰ অব্যাহত আছে৷ শেহতীয়াভাৱে এই ভেৰিয়েণ্টৰ সংক্ৰমণ মানুহৰ উপৰি জন্তুৰ দেহতো ধৰা পৰিছে৷ কৰ’না ভাইৰাছৰ এইবিধ ভেৰিয়েণ্ট মানুহৰ লগত জন্তুৰ বাবে ঘাতকৰূপে বিবেচিত হৈছে৷ জানিব পৰা মতে চেন্নাইৰ আৰিগনাৰ আন্না জুলজিকেল পাৰ্কত কৰ’না ভাইৰাছৰ সংক্ৰমণ হোৱা সিংহৰ দেহত ডেল্টা ভেৰিয়েণ্ট ধৰা পৰে৷ ডেল্টা ভেৰিয়েণ্টত সংক্ৰমণ হৈ সিংহ দুটাৰ মৃত্যু হয়৷ মৃত সিংহ দুটাৰ বয়স আছিল ক্ৰমে ৯ আৰু ১১ বছৰ৷ বৰ্তমানলৈকে কৰ’নাৰ আলফা ভেৰিয়েণ্টত আক্ৰান্ত হৈ স্পেইন আৰু চেক গণৰাজ্যত সিংহৰ মৃত্যু হৈছে যদিও ডেল্টা ভেৰিয়েণ্টৰ আক্ৰান্ত হৈ সিংহৰ মৃত্যু হোৱা ঘটনা বিশ্বত এয়েই প্ৰথম৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here