ছালৰ উজ্জ্বলতা বঢ়াবলৈ নেতিবাচক চিন্তাবোৰ আঁতৰ কৰক

0
1353
মুখৰ খোলোচাকৈ মৰা হাঁহিটোৱে বহুতো ৰোগ-ব্যাধিৰ পৰা আমাক বহু দূৰত ৰাখে৷ হাঁহি বা আনন্দ-স্ফূৰ্তিয়ে ছালৰ উজ্জ্বলতা ধৰি ৰখাত সহায় কৰে৷ বৰং খুব বেছি নেতিবাচক চিন্তা-অনুভূতি দীৰ্ঘ সময় ধৰি আমাৰ মনৰ মাজত থাকিলে শৰীৰত সমস্যাৰ সৃষ্টি কৰে লগতে ছালখনতো বিৰূপ প্ৰভাৱ পেলায়৷ এনেধৰণৰ চিন্তা-ভাবনাই আপোনাৰ ছালখনক সোনকালে বুঢ়া কৰে৷ যিমানে আপুনি নেতিবাচক চিন্তাবোৰ মনৰ ভিতৰতে পাগুলিয়াই থাকিব, সিমানে আপোনাৰ ছালখনো ক্ৰমে বুঢ়া হৈ গৈ থাকিব৷ এনে কি কাৰকৰ ফলত ছালখনত কু-প্ৰভাৱ পৰে, জানো আহক৷

() ছালখন বুঢ়া বা নষ্ট হোৱাৰ এটা কাৰণ হৈছে খং বা ৰাগ৷ খং কৰিলে আমাৰ মুখৰ ছালৰ পেশীবোৰ কোঁচ খাই যায়৷ ফলত বলিৰেখা বেছিকৈ আৰু সোনকালে পৰে৷ যিসকল লোকৰ খং অত্যধিক, তেওঁলোকৰ মুখৰ ছালৰ নতুন কোষ গঠনত বহু বেছি সময় লাগে৷ ফলত ছালখন সহজে নষ্ট হ’বলৈ আৰম্ভ কৰে৷

7 anger management tips to prevent relationship damage - Mayo Clinic Health System


(২) খুব বেছি মানসিক চাপেও ছালখনৰ ওপৰত কুপ্ৰভাৱ পেলায়৷ মানসিক চাপে শৰীৰত Cortisol হৰমন উৎপন্ন কৰে৷ যাৰ ফলত শৰীৰৰ নানা অংগ-প্ৰত্যংগত প্ৰভাৱ পেলাব পাৰে, বিশেষকৈ ছালখনত৷

The epidemic of depression and societal distance: Ways you can improve your mental health | Health Tips and News


(৩) মিঠাজাতীয় বস্তু, খুব জ্বলা, ভাজা-পোৰা খাদ্য আদি খোৱা, খুব কমকৈ পানী সেৱন কৰা আদি কাৰকেও ছালখনৰ বিৰূপ প্ৰভাৱ পেলায় আৰু ছালখন নষ্ট কৰে৷

10 most popular types of pastry: life's perfect sweet treats | Smart Tips


(8) খুব বেছি ভয় খালে আমাৰ মস্তিষ্কই প্ৰথমে এড্ৰেনালিন তৈয়াৰ কৰাৰ বাৰ্তা দিয়ে৷ যি এড্ৰেনালিনে শৰীৰৰ ডাঙৰ অংগবোৰৰ তেজৰ চলাচল বঢ়াই তোলে৷ যাতে বিপদৰ সময়ত শৰীৰে এনাৰ্জি পায়৷ যাৰ ফলত মুখত কিছু অংগৰ তেজৰ সৰবৰাহ কমি যায়, যিয়ে মুখৰ ছালখনৰ ক্ষতি কৰে৷

How Do You Handle Fear? - The New York Times
সেয়েহে আপুনি সদায় মন প্ৰফুল্লিত কৰি ৰাখক, নিয়মিত ব্যায়াম, খেলা-ধূলা কৰক, কিতাপ পঢ়ক, বন্ধু-সমনীয়াৰ লগত গঠনমূলক আড্ডা মাৰক, ৰং-তামাচা কৰক৷ সমাজ সেৱামূলক কামত জড়িত হওক৷ খং এৰাই চলক৷ সদায় ইতিবাচক চিন্তাকহে প্ৰাধান্য দিয়ক৷ দেখিব এটা আপুনি এটা সুস্থ-সবল, শক্তিশালী দেহ-মনৰ অধিকাৰী হৈছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here