আমি সকলোৱে দূবৰি বন চিনি পাওঁহক৷ সাধাৰণতে যিকোনো পূজা-পাৰ্বণৰ ক্ষেত্ৰত এই দূবৰি বন অতি আৱশ্যকীয় সামগ্ৰী৷ ঘৰৰ চোতাল, পিছফাল, ৰাস্তাৰ কাষত একেলেথাৰিয়ে গজা দূবৰি বন দেখিবলৈও শুৱনি৷ এই দূবৰি বন যে সাংঘাতিক ঔষধি গুণসম্পন্ন এই ধাৰণা কাৰোৰে মনলৈ নাহে অথবা দূবৰি বনৰ ঔষধি গুণবোৰ বহুতেই নাজানে৷ অতি পুৰণি আৰ্য়ুবেদ চিকিৎসাত এই দূবৰি বনক মহৌষধ হিচাপে গণ্য কৰা হয়৷ দূবৰি বনে বাত বিষ, কফ, কাহ, নাকৰ সমস্যা, ব্ৰংকাইটিছ, এজমা আদি বিভিন্ন ৰোগৰ পৰা উপশম পোৱাত সহায় কৰে৷ এচিডিটি বা গেছ ঔষধ হিচাপে দূবৰি বনৰ আছে যোগাত্মক গুণ৷ দূবৰি বনত কেলচিয়াম, ফাইবাৰ, ফচফৰাছ, পটাচিয়াম, প্ৰ’টিন আদিৰে ভৰপূৰ উপাদান পোৱা যায়৷ মূৰৰ বিষ হ’লে দূবৰি বন আৰু চূণ সমান সমান পৰিমাণে লৈ পিহি কপালত লেপন দিলে আৰাম পোৱা যায়৷ আনহাতে দূবৰিৰ ৰস ডালিমৰ ফুলৰ সৈতে নাকত দিলে নাকৰ পৰা ওলোৱা তেজ বন্ধ হয়৷ অৱশ্যে এনে সমস্যাত অকল দূবৰিৰ ৰস দিলেও সুফল পোৱা যায়৷ দূবৰিৰ ৰস খালে বমি বমি ভাব নোহোৱা হয়, আনকি ডায়েৰিয়াৰ দৰে ৰোগৰ পৰাও উপশম পাব পাৰি৷ ৰক্তক্ষৰণ হ’লে দূবৰিৰ ৰস এঁৱা গাখীৰৰ সৈতে মিহলাই খুৱালে সুফল পোৱা যায়৷ চুলি সৰিলে নাৰিকল তেলৰ লগত দূবৰিৰ ৰস মিহলাই গৰম কৰি ল’ব৷ তাৰ পাছত সেই তেলখিনি চেকি লৈ গা ধোৱাৰ আগতে চুলিত লগাওক আৰু পাছত ধুই দিব৷ তেতিয়া চুলি সৰা বন্ধ হয়৷ দূবৰিৰ গুৰিৰে দাঁত ঘঁহিলে দাঁতৰ পৰা তেজ ওলোৱা বন্ধ হয়৷ দূবৰি বনৰ ৰস বহুমূত্ৰ ৰোগ উপশম কৰাতো সহায় কৰে৷ দূবৰি বনৰ ৰস উলিয়াই দুখিলামান নিমপাতৰ সৈতে মিহলাই খালে তেজত শৰ্কৰাৰ মাত্ৰা নিয়ন্ত্ৰণত সহায় কৰে৷ প্ৰস্ৰাৱজনিত ৰোগ, প্ৰস্ৰাৱ জ্বলা-পোৰা কৰা, সংক্ৰমণ আদিত দূবৰিৰ ৰস যথেষ্ট উপকাৰী৷ ইয়াৰ লগতে বৃক্কত হোৱা পাথৰ বাহিৰ কৰাত দূবৰি বনৰ ৰসে সহায় কৰে৷ দূবৰি বনৰ ৰস নিয়মিত খালে শৰীৰৰ ওজন হ্ৰাস হোৱাৰ লগতে হৃদপিণ্ড সুস্থ-সবল কৰি ৰখাত ইয়াৰ ৰসে সহায় কৰে৷